পাঠশালা সাহিত্য সভা অধিবেশনঃ মন্ত্ৰী ৰণজিৎ কুমাক দাস সভাপতি নিৰ্বাচিত...
পাঠশালা সাহিত্য সভা অধিবেশনঃ মন্ত্ৰী ৰণজিৎ কুমাক দাস সভাপতি নিৰ্বাচিত...

পাঠশালা সাহিত্য সভা অধিবেশনঃ মন্ত্ৰী ৰণজিৎ কুমাক দাস সভাপতি নিৰ্বাচিত...

ডিজিটেল সংবাদ পাঠশালা: অসম সাহিত্য সভাৰ আগন্তুক সপ্তসপ্ততিতম পাঠশালা অধিবেশনৰ বাবে যোৱা ২জুলাইত পাঠশালাত ৰাজহুৱা সভাৰ জৰিয়তে গঠন কৰা হয় আদৰণি সমিতি l কিন্তু সভাপতি নিৰ্বাচন হোৱাৰ পিছত আন পদবীৰ বাবে একাধিক ব্যক্তিৰ ক্ষেত্ৰত কিছু হেতা ওপৰা লগাৰ বাবে বাকী বিষয়ত প্ৰস্তাবিত নামৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় l

পাঠশালাৰ ভগৱতী ক্ষেত্ৰৰ সভাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সভাপতিত্ব কৰে। পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই আঁতধৰা আৰু উদেশ্য ব্যাখ্যা কৰা সভাখনত পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰে l

ইয়াৰ পিছতেই অনুষ্ঠিত হয় বিষয় বাঁচনি সভা l সেই অনুসাৰে উক্ত সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বিমল বৰা,অশোক সিংহল আৰু বি টি আৰৰ মূৰব্বী প্ৰমোদ বড়োক পৃষ্ঠপোষক, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক সভাপতি আৰু ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনিধৰ তালুকদাৰক বিশেষ পৃষ্ঠপোষক হিচাপে লৈ সৰ্বসন্মতি ক্ৰমে আদৰণি সমিতি গঠন কৰা হয় l

একেলগে বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামী, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, শিক্ষাবিদ মূৰাৰী মোহন দত্ত আৰু ড° জগদীশ পাটগিৰিক মুখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হয় l উল্লেখযোগ্য যে, এই সভাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুবজ্যোতি শৰ্মাৰ নেতৃত্বত অসম সাহিত্য সভাৰ তৰফৰ পৰা ছয় গৰাকী পৰ্য্যবেক্ষক উপস্থিত থাকি সভাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়ে l

ইপিনে পৰবৰ্তী সময়ত প্ৰস্তাৱক আৰু সমৰ্থকৰ মতেৰে কাৰ্য্যকৰী সভাপতি, উপ সভাপতি, সহ: সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদক আৰু যুটীয়া সম্পাদক নিৰ্বাচন কৰাত এক খেলিমেলিৰ সৃষ্টি হয়। সভাত উপস্থিত বিভিন্ন লোকে নিজৰ পছন্দৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ হেতা ওপৰা লগায় l পৰিণতিত একাধিক নাম প্ৰস্তাব আৰু সমৰ্থন যুক্ত নাম লিপিৱদ্ধ কৰি পৰৱৰ্তী সময়ত বিবেচনাৰ বাবে চিন্তা চৰ্চ্চা কৰা হয় l

উল্লেখযোগ্য যে সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা, ডাঃ বিপিন চন্দ্ৰ কলিতা, গোবিন্দ কলিতা, বদ্ৰী বুঢ়াগাঞি, কামদেৱ দাস আৰু নয়ন মণি চৌধুৰী সহিতে মুঠ ছয় গৰাকী অসম সাহিত্য সভাৰ পৰ্য্যবেক্ষকে এনে সিদ্ধান্ত গ্ৰহণ কৰে l উল্লেখযোগ্য যে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ নেতৃত্বত পাঠশালা অধিবেশন সুকলমে আৰু শ্ৰেষ্ঠ ভাৱেই সম্পন্ন হৈ যাব বুলি সকলো আশাবাদী l

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও সৰ্বোচ্চ উজাৰি পাঠশালা সাহিত্য সভাৰ অধিবেশনখন লেখত ল'বলগীয়া কৰি সম্পন্ন কৰিব বুলি মত প্ৰকাশ কৰে l মঞ্চত উপবিষ্ট ভবানীপুৰ সমষ্টিৰ বিধায়ক ফনিধৰ তালুকদাৰেও ব্যক্তব্য প্ৰদান কৰে।

পাঠশালা সাহিত্য সভা অধিবেশনঃ মন্ত্ৰী ৰণজিৎ কুমাক দাস সভাপতি নিৰ্বাচিত...
উমৰাংছ’–লংকা পথৰ ২৩ কিলোত ট্ৰাক-এল্ট'ৰ মুখামুখী সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in