Advertisment

অসম সাহিত্য সভাৰ জাতীয় চেতনা দিৱসত স্মৃতিগ্ৰন্থ উন্মোচন ধ্ৰুৱজ্যোতি শৰ্মাৰ...

অসম সাহিত্য সভাৰ জাতীয় চেতনা দিৱসত স্মৃতিগ্ৰন্থ উন্মোচন ধ্ৰুৱজ্যোতি শৰ্মাৰ...

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ জাতীয় চেতনা দিৱসত স্মৃতিগ্ৰন্থ উন্মোচন ধ্ৰুৱজ্যোতি শৰ্মাৰ...

অসম সাহিত্য সভাৰ জাতীয় চেতনা দিৱসত স্মৃতিগ্ৰন্থ উন্মোচন ধ্ৰুৱজ্যোতি শৰ্মাৰ...

ডিজিটেল সংবাদ বৰপেটা ৰোড: 'জাতিসত্তাৰ জাগ্ৰত প্ৰহৰী আছিল অসম কেশৰী। স্বদেশপ্ৰেম আৰু ৰহস্যবাদৰ অন্বেষণ তেওঁৰ অবিচলিত ব্যক্তিত্বৰ মূল আধাৰ। অম্বিকাগিৰীৰ দৰে জাতিৰ প্ৰতি দায়ৱদ্ধ সাহিত্যিক কদাচিৎ ধৰাৰ বুকুত জনম লভে।' আজি বৰপেটাৰোডৰ সমীপৱৰ্তী বাৰাপেটা - ওদালগুৰি কীৰ্তন ঘৰ প্ৰাংগনত অনুষ্ঠিত অসম সাহিত্য সভাৰ জাতীয় চেতনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা প্ৰকল্পৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই ।

Advertisment

অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকাই সভাপতিত্ব কৰা সভাখনত কথাশিল্পী শৰ্মাই আকৌ কয় যে, অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া সাহিত্যত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। সৃষ্টিমূলক আৱেগৰ অটলস্পৰ্শী অনুভৱ আৰু স্বদেশপ্ৰেমৰ আলোড়িত অভিব্যক্তিৰ বিমূৰ্ত প্ৰকাশ ঘটিছে তেখেতৰ কাব্য চেতনাত । যিটো অবিস্মৰণীয় ।

সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই উদ্দেশ্যে বাখ্যা কৰা তথা বি, টি, আৰ,ৰ কাৰ্যবাহী সদস্য গৌতম দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শ্ৰীমন্ত শঙ্কৰদেৱে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাই কয় যে, অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমৰ ভাষা, সাহিত্যলৈ যি অৱদান আগবঢ়াইছে সেয়া অতুলনীয় । সমান্তৰালকৈ তেওঁ আছিল স্বাধীনতা সংগ্ৰামৰ মহান সংগ্ৰামী ।

বাক্সা জিলা সাহিত্য সভাৰ সহযোগত, বিজনী - খাৰিজা শাখা সাহিত্য সভাৰ আতিথ্যত আয়োজন কৰা সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকাই সভাপতিৰ আসনৰ পৰা বক্তব্য প্ৰদান কৰি কয় যিসকল পুৰোধা অসমীয়াই অসমীয়া জাতীয় জীৱনৰ মহাসৌধ নিৰ্মাণ কৰিছিল তাৰ ভিতৰত অসম কেশৰী আছিল বাটকটীয়া। অসমলৈ কংগ্ৰেছৰ পাণ্ডু অধিবেশনত অংশগ্ৰহণ কৰিবলৈ অহা, মহাত্মা গান্ধীৰ সন্মানাৰ্থে অম্বিকাগিৰীয়ে ৰচনা কৰা" আজি বন্দে কি ছন্দৰে " শীৰ্ষক গীত দৰাচলতে অসমীয়া গীতি সাহিত্যৰ এক সোণালী স্তম্ভ বুলিও ড০ হাজৰিকাই মন্তব্য কৰে।

সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষাব্ৰতী ড০ ভূষণ পাঠক, অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা,অসম সাহিত্য সভাৰ জনগোষ্ঠীয় প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক জয়ন্ত দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আদি। ইয়াৰ আগেয়ে ৰাতিপুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বাক্সা জিলাৰ সভাপতি কামদেৱ দাসে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিনয় বৈশ্যই ।

Also Read: গুৱাহাটীত 'তিতা বাহেকৰ ফুল' শীৰ্ষক কবিতা পুঁথি উন্মোচন...

অসম সাহিত্য সভা