/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/y7hhhz3g/rangia-24.jpg)
ৰঙিয়াত কাইলৈৰ পৰা চি এম চেম্পিয়নশ্বিপ ট্ৰফী ফুটবল খেল...
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব চি এম চেম্পিয়নশ্বিপ ট্ৰফী ফুটবল প্ৰতিযোগিতা। উল্লেখ্য যে, চেম্পিয়ন ট্ৰফী সপ্তম বাৰ্ষিক খেলখনত উত্তৰ পূবৰ দহটা ক্লাৱে অংশগ্ৰহণ কৰিব বুলি আজি ৰঙিয়া প্ৰেছ ক্লাৱত সংবাদমেলযোগে খেল পৰিচালনা সমিতিৰ সম্পাদক ভৱেশ ডেকাই জনায়।
ইফালে উদ্বোধনী খেলখন ২৫ছেপ্টেম্বৰৰ অৰ্থাৎ বুধবাৰে বিয়লি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত হৰদত্ত বীৰদত্ত প্ৰাইজমাণি ট্ৰফী এই প্ৰতিযোগিতাখন চি এম চেম্পিয়নশ্বিপ ট্ৰফী নামেৰে নামাকৰণ কৰা হৈছে বুলি খেল পৰিচালনা সমিতিয়ে লগতে উল্লেখ কৰে।
Also Read: ইউটিউবাৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল 'চিকাৰ' ছবিৰ পৰিচালক...