বৰপেটাৰ দেশভক্ত সমবায় সমিতিত বগা চাউলৰ ক’লা ব্যৱসায়…

বৰপেটাৰ দেশভক্ত সমবায় সমিতিত বগা চাউলৰ ক’লা ব্যৱসায়…

author-image
asomiyapratidin
New Update
বৰপেটাৰ দেশভক্ত সমবায় সমিতিত বগা চাউলৰ ক’লা ব্যৱসায়…

ডিজিটেল সংবাদ,কয়াকুছি: গ্ৰাহকক সুলভ মূল্যৰ চাউল কম কৈ দি ৰাহি হোৱা চাউলৰ ক'লা বজাৰত বিক্ৰী কৰা অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডৱাস্থিত দেশভক্ত সমবায় সমিতিৰ সচিব মতিয়াৰ ৰহমানৰ বিৰুদ্ধে।

Advertisment

সমবায় সমিতিৰ সচিব মতিয়াৰ ৰহমানে প্ৰায় ৩০০ কুইন্টল সুলভ মূল্যৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ বাবে প্ৰস্তুতি চলাউতেই হাতে লোটে ধৰা পেলায় পৰিচালনা সমিতিৰ সদস্য সকলে।

দেশভক্ত সমবায় সমিতিৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা মতিয়াৰ ৰহমানে বগা চাউলৰ কলা ব্যৱসায় চলাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিচালনা সমিতিৰ সদস্য সকলে।

পৰিচালনা সমিতিয়ে জনোৱা মতে মতিয়াৰ ৰহমানে সমবায় সমিতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সময়ত আৰ্থিক ভাবে সবল নাছিল। ভক্তৰডৱাস্থিত দেশভক্ত সমবায় সমিতিৰ সচিব দায়িত্ব গ্ৰহণ কৰাৰ পিছত নিৰ্মান কৰিছে বৃহত বাসগৃহ। অকল ইমানেই সচিব মতিয়াৰ ৰহমানৰ পুত্ৰ অধ্যয়ন কৰি আছে বিদেশত।

মাহেকত মাত্ৰ ১৬ হাজাৰ টকা দৰমহা পোৱা মতিয়াৰ ৰহমানে কেনেকৈ নিৰ্মাণ কৰিলে প্ৰসাদোপম বাসগৃহ। কৰ পৰা আহে বিদেশত অধ্যয়ন কৰা পুত্ৰ খৰচ। প্ৰায় তিনি শ কুইন্টল সুলভ মূল্যৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ প্ৰস্তুতি চলাওতে হাতে লুটে ধৰা পেলুৱাৰ পিছত এই সমূহ প্ৰশ্ন উত্থাপন কৰিছে পৰিচালনা সমিতিৰ সদস্য সকলে।

দীৰ্ঘদিন ধৰি বগা চাউলৰ কলা ব্যৱসায় চলাই অহা দেশভক্ত সমবায় সমিতিৰ সচিব মতিয়াৰ ৰহমানৰ বিৰুদ্ধে বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয়।

আৰু পঢ়ক: মিছাইল আক্ৰমণত নিহত ৩০, আহত ১০০ৰো অধিক…

assam barpeta