মিছাইল আক্ৰমণত নিহত ৩০, আহত ১০০ৰো অধিক…

মিছাইল আক্ৰমণত নিহত ৩০, আহত ১০০ৰো অধিক…

 ডিজিটেল ডেস্ক:  ইউক্ৰেইনৰ এটা ৰেলৱে ষ্টেচনত ৰাছিয়াই কৰা মিছাইল আক্ৰমণৰ ফলত প্ৰায় ৩০ গৰাকীকৈ লোকৰ মৃত্যু হয় লগতে আহত হয় প্ৰায় ১০০ জনৰো অধিক।

ক্ৰামাতোৰস্ক ট্ৰেইন ষ্টেচনত এই আক্ৰমণ হয়। ইউক্ৰেইনৰ পূৱ সীমান্তত থকা এই ৰেলৱে ষ্টেচনটোত নাগৰিক সকলৰ সুৰক্ষাৰ বাবে উদ্ধাৰ অভিযান চলি আছিল আৰু তেনে সময়তে এই আক্ৰমণ হয়।

ইউক্ৰেইনৰ ৰেলৱে দিয়া মন্তব্য অনুসৰি   "ক্ৰামাটৰ্স্ক চহৰৰ ৰে'ল ষ্টেচনত দুটা মিছাইল আক্ৰমণ হয়। তথ্য অনুসৰি ক্ৰামাটৰ্স্ক ৰে'ল ষ্টেচনত ৰকেট আক্ৰমণত ৩০ জনৰো অধিক লোক নিহত আৰু ১০০ ৰো অধিক লোক আহত হৈছে। অৱশ্যে উদ্ধাৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে।

উল্লেখ্য যে,  ৰাছিয়াই এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে আৰু কয় যে এইটো সম্ভৱতঃ ইউক্ৰেইনে নিজেই এই আক্ৰমণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in