জঘন্য! ৰাজপথতে দুই যুৱতীক বাঁহ, লাঠীৰে প্ৰহাৰ একাংশ উদণ্ডলোকৰ...

বৰপেটাত সংঘটটিত হৈছে এক জঘন্য ঘটনা। ৰাষ্ট্রীয় ঘাইপথৰ বেঁকী নৈৰ দলঙৰ সমীপত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
জঘন্য! ৰাজপথতে দুই যুৱতীক বাঁহ, লাঠীৰে প্ৰহাৰ একাংশ উদণ্ডলোকৰ...

ডিজিটেল ডেস্কঃ বৰপেটাত সংঘটটিত হৈছে এক জঘন্য ঘটনা। ৰাষ্ট্রীয় ঘাইপথৰ বেঁকী নৈৰ দলঙৰ সমীপত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হয়। ৰজপথতে নিৰ্যাতন চলোৱা হয় দুই যুৱতীক। এই ঘটনা দেওবাৰৰ বিয়লিৰ বুলি জানিব পৰা গৈছে।

Advertisment

এখন ধাবাত অনৈতিক কাৰ্য চলোৱাৰ অভিযোগত দুয়োকে নিৰ্যাতন চলাই একাংশ লোকে। ৰাজপথতে বাঁহেৰে মৰিয়াওৱাৰ উপৰিও ভৰি, হাতেৰে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাই দুই যুৱতীক। অৱশ্যে কেইজনমান যুৱকৰ তৎপৰতাত যুৱতী কেইগৰাকীৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

ধাবাখন ভাঙি লণ্ডভণ্ড কৰে স্থানীয় একাংশ লোকে। ধাবাত থকা এজন গ্ৰাহককো প্ৰহাৰ কৰে তেওঁলোকে। পৰৱৰ্তী সময়ত যুৱতী কেইগৰাকীক স্থানীয় আৰক্ষীত চমজাই দিয়ে স্থানীয় লোকে। আনহাতে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সচেতন ৰাইজে।

Also Read: ''ভাৰত এনে এখন দেশ হ'ব লাগিব যিয়ে পৃথিৱীৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব''

Assam police