বঢ়মপুৰৰ ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ, আতংকিত গঞা...

নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চলত ধাৰাবাহিকভাৱে অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰৰ ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ, আতংকিত গঞা...

nagaon

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ বৃহত্তৰ বঢ়মপুৰ অঞ্চলত ধাৰাবাহিকভাৱে অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। দিন-দুপৰতে বন্যহস্তীৰ জাকে বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰিছে। বন্যহস্তীয়ে তহিলং কৰিছে কৃষকৰ খেতি-পথাৰ, কুঁহিয়াৰ, তিল আদি হেক্টৰ-হেক্টৰ কৃষি ভূমিত থকা শস্য।

Advertisment

বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ ঘোগৰগাঁও, চুতীয়াগাঁও, পোটনি গোমোঠা, পোটনি মহৰটোপ, হাতীগাঁও, শিঙিয়া পোটনি, শিৱস্থানকে ধৰি কেইবাখনো গাঁৱৰ ঘোগৰজলাহৰ বিস্তীৰ্ণ ধাননি পথাৰত বিগত এসপ্তাহ ধৰি কন্দলীৰ কাৰ্বিপাহাৰৰ পৰা নামি অহা প্ৰায় শতাধিক বনৰীয়া হাতীৰ এটা জাকে দিনে-নিশাই পথাৰত ধান খোৱাৰ লগতে সকলো খেচিগুলি এফালৰ পৰা তহিলং কৰি পেলাইছে ।

প্ৰতিদিনে পুৱাৰ পৰা ওৰে নিশা বনৰীয়া হাতীৰ জাকে ঘোগৰজলাহৰ ধাননি পথাৰত থাকি ধান খেতি নষ্ট কৰাৰ ফলত ৰাইজে আধা কেঁচাতে ধান কাটিবলৈ বাধ্য হৈছে যদিও একাংশ কৃষকে সেইয়া কৰিবলৈও সক্ষম হোৱা নাই। এতিয়া নিজৰ কঁপালৰ ঘাম মাটিত পেলাই ধান খেতি কৰা অঞ্চলটোৰ কৃষকসকলে উপায়ন্তৰ হৈ টুকিবলগীয়া হৈছে চকুলো।

বনৰীয়া হাতীৰ ভয়ত এতিয়া গাঁওসমূহৰ দুৰ্ভগীয়া ৰাইজে পকা ধান, কুঁহিয়াৰবাৰী, তিল আদি খেতি পথাৰত ফটকা ফুটাই, জুই জ্বলাই, টিন বজাই উজাগৰে নিশা কটাবলগীয়া হৈছে। জানিব পৰা মতে, আজি পুৱতি নিশা বনৰীয়া হাতীয়ে অঞ্চলটোৰ পোটনিৰ বগাৰাম কেওটৰ গোঁসাইঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দিগন্ত বৰাৰ নতুনকৈ নিৰ্মাণ কৰি থোৱা পামঘৰ ভাঙি চূড়মাৰ কৰে।

গাঁওসমূহৰ খেতিৰ ওপৰত নিৰ্ভৰশীল এই দুৰ্ভগীয়া কৃষকসকলে কেনেকৈ তেওঁলোকৰ ভৱিষ্যতৰ দৈনন্দিন জীৱন অতিবাহিত কৰিব তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে। ৰাইজৰ অভিযোগ অনুসৰি, দিনে-নিশাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থাকিলেও বনবিভাগে হাতী উপদ্ৰৱ ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে কোনোধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, বিগত বৰ্ষসমূহত বন্যহস্তীয়ে খেতিপথাৰবোৰ সম্পূৰ্ণৰূপে তহিলং কৰাৰ পিছতো প্ৰকৃত কৃষক ৰাইজে আজিপৰ্যন্ত ক্ষতিপূৰণ নাপালে ।

আৰু পঢ়ক : বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বুজাবুজি চুক্তি...

barhampur nagaon assam