ননৈত "বাঁহী"ৰ বিশেষ পদক্ষেপ; ঘৰে ঘৰে গৈ জ্যেষ্ঠজনক জনালে সেৱা...

ননৈত "বাঁহী"ৰ "বহাগ নহয় মাথোঁ এটি ঋতু " শীৰ্ষক অনুষ্ঠান ঘৰে ঘৰে গৈ সমগ্ৰ ননৈ অঞ্চলৰ ৮০ ৰ ঊৰ্ধৰ ব্যক্তিক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
ননৈত "বাঁহী"ৰ বিশেষ পদক্ষেপ; ঘৰে ঘৰে গৈ জ্যেষ্ঠজনক জনালে সেৱা...

ডিজিটেল সংবাদ, বঢ়মপুৰ : "বাঁহী" সামাজিক-সাংস্কৃতিক মঞ্চ, ননৈয়ে "বহাগ নহয় মাথোঁ এটি ঋতু " শীৰ্ষক এক ব্যক্তিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে। অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উন্নত চিন্তাধাৰাৰে শিল্পী দিৱসৰ দিনাই জন্ম গ্ৰহণ কৰা বাঁহী মঞ্চই আয়োজন কৰা বিভিন্ন সময়ত বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰি আহিছে ।

Advertisment

শণিবাৰেও পহিলা ব'হাগৰ উপলক্ষে ৰঙালীৰ ৰং- ধেমালিৰ মাজেৰে বৃহত্তৰ ননৈ অঞ্চলৰ ৮০ ঊৰ্ধৰ ব্যক্তি সকলক ঘৰত গৈ একোখনি বিহুৱানেৰে সন্মান প্ৰদৰ্শন কৰি আৰ্শীবাদ লয় আৰু জলপানৰ ব্যৱস্থা কৰে। অঞ্চলৰ প্ৰায় প্ৰতিজন যুৱকেই জড়িত হৈ পৰা মঞ্চখনে উলিওৱা শোভাযাত্ৰাত বয়স্ক ব্যক্তি সকলক সন্মান প্ৰদৰ্শন কৰা আৰু সদস্য সকলে পৰিধান কৰা মঞ্চখনৰ স্থায়ী সাজে ৰাইজৰ মাজত বিশেষ আকৰ্ষণ লাভ কৰে ।

মঞ্চৰ এই অনুষ্ঠানত নগাঁৱৰ "ডুগডুগী" নামৰ অসমীয়া গহণা অনুষ্ঠানৰ স্বত্তাধিকাৰী তথা সমাজকৰ্মী লগতে মঞ্চখনৰ স্থায়ী সদস্য উৎপল বনিয়ায়েও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, "বাঁহী" মঞ্চৰ বিনামূলীয়া ৰক্তদান ও নিচাসক্ত দুনীতিৰ বিৰুদ্ধে লোৱা কাৰ্যসূচীসমূহেও ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে ।

Also Read: উৎসৱৰ সময়তে ভাল খবৰ; কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৰীক্ষাত সন্নিৱিষ্ট হ'ল অসমীয়া ভাষা...

barhampur bihu