উৎসৱৰ সময়তে ভাল খবৰ; কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৰীক্ষাত সন্নিৱিষ্ট হ'ল অসমীয়া ভাষা...

ভাল খবৰ : কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰীক্ষাৰ প্ৰশ্নকাকতত সন্নিৱিষ্ট থাকিব অসমীয়া ভাষা...

author-image
Asomiya Pratidin
New Update
উৎসৱৰ সময়তে ভাল খবৰ; কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৰীক্ষাত সন্নিৱিষ্ট হ'ল অসমীয়া ভাষা...

ডিজিটেল ডেস্ক : উৎসৱৰ সময়তে অসমবাসী লৈ এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্তই সু-বাৰ্তা কঢ়িয়াই আনিছে অসম লৈ। হিন্দী আৰু ইংৰাজীৰ উপৰিও এইবাৰ ১৩ টা আঞ্চলিক ভাষাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) বাবে কনিষ্টবল (সাধাৰণ কৰ্তব্য) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমোদন প্ৰদান কৰা হয়।

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ কৰি গৃহ মন্ত্ৰালয়ে অনুমোদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উদ্যোগত চিএপিএফত স্থানীয় যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক গতি প্ৰদান কৰা আৰু আঞ্চলিক ভাষাসমূহক উৎসাহিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ভাল লগা খবৰটো হ'ল যে, এই ১৩ টা আঞ্চলিক ভাষাৰ ভিতৰত অসমীয়া ভাষাইও স্থান লাভ কৰিছে। উল্লেখ্য যে, এই ১৩ টা ভাষাত আছে অসমীয়া, বাংলা, গুজৰাটি, মাৰাঠী, মালয়ালম, কানাড়া, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাৱী, মণিপুৰী আৰু কোঙ্কণী ।

Also Read: ব'হাগ আৰু বতৰ : মাকৰ ঘৰলৈ নগ'ল নেকি বৰদৈচিলা...

Govt of India