বঢ়মপুৰত "অসম উৎসৱ"ৰ বৰ্ণাঢ্য আয়োজন...

বৃহত্তৰ অঞ্চলটোৰ তিনিশতাধিক বয়োজ্যেষ্ঠক বিধায়কৰ বিহুৱান প্ৰদান আৰু ৰঙালীৰ সমূহীয়া জলপান গ্ৰহণ...

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত "অসম উৎসৱ"ৰ বৰ্ণাঢ্য আয়োজন...

ডিজিটেল সংবাদ, বঢ়মপুৰ : আজি পহিলা ব'হাগৰ দিনা বঢ়মপুৰত ৰঙালী বিহুৰ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বঢ়মপুৰতো আয়োজন কৰা হৈছে ৰঙালীৰ আনন্দ।

Advertisment

বৃহত্তৰ বঢ়মপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আৰু সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীৰ পৃষ্ঠপোষকতাত নগাঁও জিলাৰ বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা "অসম উৎসৱ"ৰ প্ৰথম দিনা পুৱা বিহুৰ পতাকা উত্তোলন কৰে। বিয়লি অনুষ্ঠানত উপস্থিত থকা বৃহত্তৰ অঞ্চলটোৰ তিনিশতাধিক ব্যক্তিক বিধায়ক জিতু গোস্বামীয়ে বিহুৱান যাঁচি ৰঙালীৰ ওলগ জনায় ।

ইয়াৰ পাছতেই বিধায়ক জিতু গোস্বামীয়ে উপস্থিত ৰাইজৰ সৈতে একেলগে সামূহিক জলপান গ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত তেওঁ এইবাৰ ব'হাগত বঢ়মপুৰ সমষ্টিয়ে উন্নয়নৰ এক নতুন ৰূপ পাব বুলি কৈ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Also Read: অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...

bihu