বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ

ভক্তপ্ৰাণ ৰাইজৰ আস্থাৰ মাজেৰে আহি আহি ভৰি দিছে গৌৰৱোজ্জ্বল ২২৬ বছৰত

author-image
Asomiya Pratidin
New Update
বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ

ডিজিটেল ডেস্কঃ ক্ৰমাৎ দিন চমু চাপি আহিছে ঐতিহ্য়মণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ। ভক্তপ্ৰাণ ৰাইজৰ আস্থাৰ মাজেৰে আহি আহি ভৰি দিছে গৌৰৱোজ্জ্বল ২২৬ বছৰত।

Advertisment

প্ৰতি বছৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক,ভক্তৰ সমাগম হয় ভাওনা মহোৎসৱত। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় বুলি আশাবাদী আয়োজক সমিতি। অহা ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব ঐতিহ্য়মণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বৰণ্য ব্যক্তিসকলে। বিধায়ক পদ্ম হাজৰিকা বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি। উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই আৰম্ভণিৰ পৰাই ভাওনা মহোৎসৱখনি সাফল্য মণ্ডিত কৰাৰ উদ্দেশ্যে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাৰ লগতে নিজেও হাতে-কামে লাগি আছে।

কাৰ্যসূচী অনুসৰি প্ৰথম দিনৰ (৬ মাৰ্চ) প্ৰথম কাৰ্যসূচী সিংহাসন স্থাপন। ইয়াৰ পাছতে ৰাতিপুৱা ১০ বজাত গুণমালা পুথি লৈ শোভাযাত্ৰা। উদ্বোধন কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

দ্বিতীয় দিনা বিয়লি স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই। উন্মোচক হিচাপে উপস্থিত থাকিব সদ্য অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা আৰু পদ্মশ্ৰী দুলাল মানকিয়ে।

সন্ধিয়া ৭ বজাত ভাওনা উন্মোচন অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভাওনা উন্মোচন অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকা,বিমল বৰা,ৰণোজ পেগু,জয়ন্তমল্ল বৰুৱা, সাংসদ পল্লৱলোচন দাস,সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আদি।

তৃতীয় দিনা অনুষ্ঠিত হ'বলগীয়া আইমাতৃ সমাৰোহত উপস্থিত থাকিব মন্ত্ৰী অজন্তা নেওগ আৰু নন্দিতা গাৰ্লোচা। উক্ত দিনটোতে সন্ধিয়া ৬ বজাত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্পৰ দ্বাৰ উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে ভাওনা উদ্বোধন কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। উপস্থিত থাকিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,কৃষি মন্ত্ৰী অতুল বৰা আদি।

ভাওনা মহোৎসৱৰ অন্তিম দিনটোত বিয়লি ৪-৩০ বজাত বাৰেচহৰীয়া ভাওনাৰ শিল্পী আৰু বিশিষ্ট ব্যক্তিৰ সম্বৰ্দ্ধনা অনুষ্ঠান। সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া। উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

Also Read: বাসুগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, এজন নিহত

himanta biswa sarma bhaona