প্ৰাক্তন পাকিস্তানী ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ দেহাৱসান

প্ৰাক্তন পাকিস্তানী ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ দেহাৱসান

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ আৰু নাই । ৰবিবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ 'আমেৰিকান হস্পিতাল' নামৰ চিকিৎসালয় খনত মৃত্যুবৰণ কৰে নেতাগৰাকীয়ে ।

নেতাগৰাকীৰ মৃত্যু সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পাৰভেজ মুছাৰফে বিগত কিছু দিন ধৰি এমিলইডছিচ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল । তাৰোপৰি শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাধীন কৰাবলগীয়া হৈছিল নেতাগৰাকীক ।

উল্লেখ্য যে, এক বৰ্ণিল ৰ‍াজনৈতিক জীৱনৰ গৰাকী আছিল ৰাষ্ট্ৰপতি মুছাৰফ । পাকিস্তানৰ ৰাজনীতিৰ সকলো উত্থাপ-পতনেই একপ্ৰকাৰ পৰিলক্ষিত কৰিছিল নেতা জনে । প্ৰথমে সেনাধক্ষ্যৰ পৰা ১৯৯৯ চনৰ সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ ৰাষ্ট্ৰপতিৰ গাদীত বহিছিল মুছাৰফ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in