নৱম স্থানেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বৰশ বৰষাক চৰাইদেউ প্ৰেছ ক্লাবৰ অভিনন্দন...

নৱম স্থানেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বৰশ বৰষাক চৰাইদেউ প্ৰেছ ক্লাবৰ অভিনন্দন...
নৱম স্থানেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বৰশ বৰষাক চৰাইদেউ প্ৰেছ ক্লাবৰ অভিনন্দন...

ডিজিটেল সংবাদ চৰাইদেউঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিৰ ছাত্ৰী বৰশ বৰষা চেতিয়াই ৫৮৬ নম্বৰ প্ৰাপ্তি ৰাজ্যৰ ভিতৰতে নৱম স্থান লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে চৰাইদেউ চুকাফানগৰৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় জনসাধাৰণ। মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা চুকাফা নগৰৰ নিবাসী দীপাংকৰ চেতিয়া আৰু ঊষাৰাণী ফুকনৰ জ্যেষ্ঠা কন্যা বৰশ বৰষাৰ এই সফলতাৰ বাবে বিভিন্ন দল, সংগঠনৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰাও ছাত্ৰীগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷

ইয়াৰোপৰি প্ৰেছ ক্লাৱে বৰষাৰ পিতৃ মাতৃকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই কাৰ্যসূচীত প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক ক্ৰমে ধ্ৰৱজ্যোতি বৰুৱা, প্ৰণৱ বৰগোহাঁই আৰু বিতু কোঁৱৰ উপস্থিত থাকে ৷

নৱম স্থানেৰে চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বৰশ বৰষাক চৰাইদেউ প্ৰেছ ক্লাবৰ অভিনন্দন...
শিৱসাগৰত 'সাদিন প্ৰতিদিন’ গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাঃ ডেৰ শতাধিক দল, সংগঠনে জনালে সম্বৰ্ধনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in