সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধঃ আৰক্ষী, CRP ৰ তহলৰ মাজতো মিশ্ৰিত প্ৰভাৱ...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধঃ আৰক্ষী, CRP ৰ তহলৰ মাজতো মিশ্ৰিত প্ৰভাৱ...
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধঃ আৰক্ষী, CRP ৰ তহলৰ মাজতো মিশ্ৰিত প্ৰভাৱ...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে আজি ১২ ঘণ্টাৰ বৰাক বন্ধ ঘোষণা কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ বি ডি এছ, কংগ্ৰেছসহ বৰাক উপত্যকাৰ বিভিন্ন দল সংগঠনে। দীৰ্ঘ দিনৰ মূৰত বৰাক উপত্যকাত এইদৰে বন্ধ ঘোষণা কৰা হৈছে যদিও এই বন্ধ ব্যাপক ৰূপত কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই।

বৰাক উপত্যকাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ঘোষণা কৰা বন্ধৰ মিশ্ৰিত প্ৰভাৱ হে পৰিলক্ষিত হৈছে। ৰাজপথত দেখা গৈছে অ'টো ৰিক্সা, বেটাৰী চালিত বাহনকে ধৰি সৰু, বৰ ব্যক্তিগত বাহন। অৱশ্যে স্বাভাৱিক অৱস্থাতকৈ বহু ইয়াৰ সংখ্যা বহু কম।

পুৱাৰে পৰা ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ আছে যদিও ঠায়ে ঠায়ে খোলা আছে বিভিন্ন দোকান-পোহাৰ। বহুতেই আধাকৈ খুলি ৰাখিছে দোকানৰ দুৱাৰ। চহৰ অঞ্চলত আৰক্ষী আৰু চি আৰ পি এফৰ বৃহৎ বৃহৎ দলে পুৱাৰে পৰা তহল দিছে।

উল্লেখ্য যে, বৰাক উপত্যকাত ইয়াৰ পূৰ্বে এইদৰে বন্ধক গুৰুত্ব প্ৰদান কৰা নাছিল আৰক্ষী প্ৰশাসনে। ফলত মুকলিকৈ পিকেটিং কৰাৰ সুযোগ লাভ কৰা নাই বন্ধ ঘোষণা কৰা এই সংগঠন কেইটাৰ কৰ্মীয়ে।

তাৰ মাজতো ঠায়ে ঠায়ে সমষ্টি পুনৰ গঠনৰ বিৰোধিতাৰে শ্ল’গান দিছে বন্ধ সমৰ্থকে। কৰিমগঞ্জ কলেজৰ সন্মুখত একাংশ বন্ধ সমৰ্থকে একগোট হৈ বহি প্ৰতিবাদ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে।

মন কৰিবলগীয়া যে, বন্ধ ঘোষণা কৰা সংগঠন কেইটাই পৰীক্ষাক বন্ধৰ আওতাৰ পৰা ৰেহাই দিছিল যদিও একাংশই কৰিমগঞ্জ কলেজৰ প্ৰৱেশ পথত বহি প্ৰতিবাদত লিপ্ত হৈছিল। সেয়ে তেওঁলোকক আটক কৰা হৈছে। ইয়াৰ পাছতে কলেজত প্ৰৱেশ কৰিছে শিক্ষাৰ্থীসকলে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধঃ আৰক্ষী, CRP ৰ তহলৰ মাজতো মিশ্ৰিত প্ৰভাৱ...
AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in