/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ab51aea8-5f16-484d-a401-8a7d2f776c5f/4d56c4cc_96cd_42ed_8809_535582aad0b8.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ নাজিৰা সমষ্টিৰ চুকাফা গাঁও পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰৰ বাউলীপুখুৰী আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আজি কেইবাবছৰ অতিক্ৰম কৰিলে। কিন্তু ইয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই জনসাধাৰণৰ বাবে চিকিৎসালয়খন মুকলি কৰি নিদিয়া বিষয়টোৱে স্থানীয় জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e438eb94-44ae-47cf-84f4-51e800d950cf/62c5c837-720f-471a-917e-297f5026f0ef.jpg)
উল্লেখযোগ্য যে, ১৯৯৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই তেওঁৰ গৃহ সমষ্টি নাজিৰাৰ চুকাফা গাঁও পঞ্চায়তৰ নিচেই কাষত বাউলি পুখুৰীত প্ৰায় ১৬ বিঘা মাটি সামৰি ৩০ খন বিছনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল । কালক্ৰমত কেইবা কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় যদিও ৰহস্যজনক কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসালয়খন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া নহ’ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/41492c36-bf3a-49f4-bb75-b0b2e29545b2/9c2a88ed-15fd-4371-9d7f-8fe1e654fa39.jpg)
ইয়াৰ বাবে এসময়ত লাহে লাহে জৰাজীৰ্ণ হৈ পৰা এই চিকিৎসালয়খনিৰ ঘৰ-দুৱাৰসমূহ শেহতীয়াকৈ বিজেপি চৰকাৰৰ দিনত আদৰ্শ চিকিৎসালয় হিচাপে গঢ়িবলৈ লৈ পুনৰ নিৰ্মাণ কৰা হয় । কিন্তু এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ আজি দুটা বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে ৰহস্যজনক কাৰণত চিকিৎসালয় খন ৰাইজৰ বাবে মুকলি কৰি দিয়া হোৱা নাই ৷
কি কাৰণত বিগত ২৮ বছৰকাল এই চিকিৎসালয়খন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হোৱা নাই সেয়া এক দুৰ্বোধ্য সাঁথৰ হৈ পৰিছে।