/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2fa3a0c0-746e-410b-8eb2-e1b8c3f019f6/dbc78f70_fe08_4531_b4ae_e19cad210e6d.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ-পূব উদ্যোগী নাৰী সংস্থাৰ ৩০সংখ্যক প্ৰতিষ্ঠ দিৱস উপলক্ষে যোৱা শুকুৰবাৰে গুৱাহাটী মাণিকনগৰস্থিৰ আইৰিছ দ্য বুটিক হোটেলত অনুষ্ঠিত হয় এটি বিশেষ অনুষ্ঠান। মহিলাৰ সবলীকৰণ আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে নিৰন্তৰ কাম কৰি অহা সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি তিনিগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bd3911c7-c48a-4a82-88a1-31ad5164a8f8/c74f70cc-382a-4260-89a2-b38011747246.jpg)
সমৰ্ধিত মহিলাসকলৰ ভিতৰত অন্যতম হ'ল প্ৰতিদিন গোষ্ঠী সঞ্চালক তথা প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী। উল্লেখ কৰা প্ৰয়োজন যে, অসম তথা উত্তৰ-পূবৰ মহিলা উদ্যোগীসকলৰ বিকাশৰ বাবে ১৯৯৪চনত স্থাপন কৰা হৈছিল উত্তৰ-পূব উদ্যোগী নাৰী সংস্থা। বিগত সময়চোৱাত বিভিন্ন চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াইছে এই সংস্থাটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/680e4cdb-1d66-481e-8890-fc42de4a815d/4d78b49a-cf1d-461d-a321-0ce3c28b3256.jpg)
মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক স্বাধীনতাই হৈছে এই সংস্থাটোৰ মূল উদ্দেশ্য। বিভিন্ন ঘাত-প্ৰতিঘাত ৰ মাজেৰে আজি সংস্থাটোৱে ৩০বছৰ কাল অতিক্ৰম কৰিলে। এই ৩০বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত অসমৰ লগতে উত্তৰ-পূবৰ ভিন্ন প্ৰান্তৰ মহিলা উদ্যোগীসকলে অংশ গ্ৰহণ কৰে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন ছবি পৰিচালক ৰীমা দাস আৰু ববিতা শৰ্মাও উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8091254b-d171-4d9c-9d94-8a60dc117d14/3b0942c4-980b-4065-b2e2-53a906851386.jpg)
এই অনুষ্ঠানটোত। ইফালে সম্বৰ্ধনা গ্ৰহণ কৰি স্মিতাক্ষী বি গোস্বামীয়ে কয়- উত্তৰ পূবৰ উদ্যোগী নাৰী সংস্থাই বহু মহিলাক উতসাহিত কৰি আহিছে। আমাক জনোৱা এনে সন্মানৰ বাবে সংস্থাৰ সকলো সদস্য আৰু কৰ্মকতাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সন্মানে মোক কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব। ভাষণৰ প্ৰসংগত স্মিতাক্ষা বি গোস্বামীয়ে আগন্তুক সময়ত সংস্থাটোৰ উন্নয়নৰ বাবে সকলো ধৰণে জডি়ত হৈ থকাৰ কথা সদৰি কৰে। ইফালে এই অনুষ্ঠানত কেইবাগৰাকীও কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়।