বেংকৰ সাহসী সুৰক্ষা কৰ্মী অনংগ কলিতাক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা...

বেংকৰ সাহসী সুৰক্ষা কৰ্মী অনংগ কলিতাক দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা...

author-image
Asomiya Pratidin
New Update
বেংকৰ সাহসী সুৰক্ষা কৰ্মী অনংগ কলিতাক  দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ সম্বৰ্দ্ধনা...

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি কামৰূপ জিলাৰ ৰামপুৰ- শান্তিপুৰস্থিত নিজ বাসগৃহত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ তৰফৰ পৰা ৰামপুৰস্থ পঞ্জাব নেচনেল বেংকৰ সাহসী সুৰক্ষা কৰ্মী তথা অৱসৰপ্ৰাপ্ত সেনা জোৱান অনংগ কলিতাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

Advertisment

সচেতন মঞ্চৰ‌ মুখ্য উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মাই সম্বৰ্দ্ধনা জ্ঞাপন কৰি কয়- "অনংগ কলিতাৰ বিশাল ব্যক্তিত্ব আদৰ্শনীয় হোৱা উচিত । তেওঁৰ উপস্থিত বুদ্ধি, কৌশল, পৰাক্ৰম অতুলনীয় । নিজৰ জীৱনকো তুষ্ট জ্ঞান কৰি যি সাহসী প্ৰয়াস দাঙি ধৰিলে সদা স্মৰণীয় হৈ থাকিব । ভাৰত চৰকাৰে অনংগ কলিতাক সাহসীকতাৰ সন্মান প্ৰদান কৰিবই লাগিব । এই ক্ষেত্ৰত অসম চৰকাৰে যি দায়িত্ব আৰু কৰণীয় আছে সকলো কৰিব লাগিব ।"

সচেতন মঞ্চৰ‌ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসে কয়- এ টি এমত থকা টকা লুট কৰিবলৈ অহা ডকাইতক পৰিপক্ক কায়দাৰে অনংগ কলিতাই কৰায়ত্ত কৰিলে তাৰ বাবে সদা স্মৰণীয় হৈ থাকিব । তেওঁৰ বিৰত্বক চৰকাৰে যথোচিত সন্মান জনাব লাগিব। প্ৰতিজন মানুহে লগতে প্ৰতিখন বেংকৰ সুৰক্ষা কৰ্মী সকলে এইক্ষেত্ৰত অনংগ কলিতাৰ চিন্তা-চেতনাক মনত ৰাখি আগবাঢ়িলে টকা হৰলুকি নহ'ব । অনংগ কলিতাক আমাৰ পৰা চেলুট জনাইছোঁ ।"

অনুষ্ঠানত গুৱাটীৰ জয়ন্ত বৈশ্য, জ্যেষ্ঠ নাগৰিক ৰামেশ্বৰ চৌধুৰী, জৱাহৰ মেধি প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অনুষ্ঠানত অংশ লৈ অনংগ কলিতাৰ সাহসীকতাৰ শলাগ লয়।

Also Read: আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ অধিবেশনৰ প্ৰস্তুতি...

দক্ষিণ কামৰূপ