বাংলাদেশীয়ে ভৰি পৰিছে সমগ্ৰ বৰাক উপত্যকা !

বৰাক উপত্যকাৰ চাহ বাগিচাৰ বৃহৎ অংশ ভূমি এতিয়া বাংলাদেশীৰ দখলত ! এই বিস্ফোৰক দাবী চুৰমা ভেলী ব্ৰাঞ্চ ইণ্ডিয়া টি এছোছিয়েশ্যনৰ চেয়াৰমেন আই.বি. উবাদিয়াৰ।
বাংলাদেশীয়ে ভৰি পৰিছে সমগ্ৰ বৰাক উপত্যকা !

ডিজিটেল ডেস্কঃ অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ বাবে এতিয়া হুমকিৰ মূখত বৰাকৰ চাহ বাগিচাসমূহ । উপত্যকাৰ বহু কেইটা চাহ বাগিচাৰ বৃহৎ অংশ ভূমি এতিয়া বাংলাদেশীৰ দখলত । শিলচৰ অনুষ্ঠিত চুৰমা ভেলী ব্ৰাঞ্চ ইণ্ডিয়া টি এছোছিয়েশ্যনৰ ১২৩ সংখ্যক সাধাৰণ সভাত এই মন্তব্য কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে এছোছিয়েশ্যনৰ চেয়াৰমেন আই.বি. উবাদিয়াই ৷

SVBITA ৰ চেয়াৰমেন আই.বি. উবাদিয়াৰ মতে, বৰাক উপত্যকাৰ চাহ বাগিচা সমূহৰ বৃহৎ অংশ ভূমি এতিয়া বাংলাদেশী অনুপ্রৱেশকাৰীসকলৰ দখললৈ যোৱাৰ বাবে বাগিচাৰ ভূমি সংৰক্ষণ বর্তমান সময়ত এক জলন্ত সমস্যা হৈ পৰিছে । বিষয়টো গভীৰ উদ্বেগ প্রকাশ কৰি তেওঁ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে।

লগতে তেওঁ কয় যে বিভিন্ন কাৰণত বন্ধ হৈ থকা উপত্যকাৰ চাহ বাগিচাসমূহৰ মালিকানা নথকাৰ বাবে ভূমি বেদখল কৰিছে অবৈধ বাংলাদেশীসকলে। উপত্যকাৰ চাৰিওপিনে অবৈধ বাংলাদেশী সকলে ভৰি পৰিছে ফলত বৰাকৰ বিভিন্ন চাহ বাগিচাৰ ভূমি বেদখল কৰি এতিয়া বসবাস আৰম্ভ কৰিছে বাংলাদেশী সকলে। ফলত চাহ বাগিচাৰ ভূমি দখলক লৈ সমস্যাত দিন কটাইছে বিভিন্ন বাগিচা কর্তৃপক্ষই ।

বিষয়টো লৈ এছোছিয়েশ্যনৰ সাধাৰণ সভাত "পৃথক টি ছেল" গঠনৰ দাবী কৰিছে বিভিন্ন চাহ বাগিচাৰ কৰ্তৃপক্ষই । লগতে বিষয়টো লৈ চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি শীঘ্ৰেই পদক্ষেপ গ্ৰহণৰ দাবী জনায় চুৰমা ভেলী ব্ৰাঞ্চ ইণ্ডিয়া টি এছোছিয়েশ্যনৰ চেয়াৰমেন আই.বি.উবাদিয়াই।

বাংলাদেশীয়ে ভৰি পৰিছে সমগ্ৰ বৰাক উপত্যকা !
মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in