৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

author-image
asomiyapratidin
New Update
৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা…

ডিজিটেল ডেস্ক : ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৫ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈকে ৪ দিনীয়া কাৰ্যাসূচীৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণলৈ আহিব বুলি সদৰী কৰিছে বহি পৰিক্ৰমা মন্ত্ৰালয়ে। এই ভ্ৰমণত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখাড়ক সাক্ষাৎ কৰিব।

Advertisment

বাংলাদেশৰ নেতৃগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব। ইয়াৰ পূৰ্বে শ্বেখ হাছিনাই ২০১৯ৰ অক্টোবৰত অন্তিমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছিল। এই সময়ত দুয়ো দেশৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক দিশৰ কেইবাখনো বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে।

india bangladesh