পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত কৃত্ৰিম চৰাই বাহ স্থাপন

গিৰিমল্লিকা শইকীয়াই 'চৰাই বান্ধৱ' দলৰ সহায়ত চৰাই বাহ স্থাপন

author-image
Asomiya Pratidin
New Update
পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত কৃত্ৰিম চৰাই বাহ স্থাপন

ডিজিটেল সংবাদ, বনগাঁওঃ মঙলবাৰে বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলে চৰাইৰ বাবে পোৰামাটিৰে নির্মিত কেইবাটাও চৰাইৰ কৃত্ৰিম বাহ স্থাপন কৰে। উল্লেখযোগ্য যে বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰী সকলক লৈ "চৰাই বান্ধৱ" নামেৰ এটা দল গঠন কৰা হৈছিল।

Advertisment

"চৰাই বান্ধৱ"নামৰ ছাত্ৰ ছাত্ৰী সকলৰ এই দলটোৰ মূল উদ্দেশ্য হ'ল চৰাইৰ পৰ্যবেক্ষণ, চৰাইৰ সুৰক্ষা আৰু বাসস্থানৰ নিৰাপত্তা প্ৰদান কৰা। বর্তমান ৰাষ্ট্ৰীয় ঘাইপথ বোৰ ফ'ৰ লেনলৈ উন্নীত কৰণৰ ফলত বৃহৎ পৰিমাণৰ গছ কাটি পেলোৱা হৈছে আৰু মুলতঃ মানুহৰ আশেপাশে বাস কৰা চৰাই বোৰ বাসস্থানৰ অভাৱত ভোগা পৰিলক্ষিত হৈছে ৷ বাসস্থান হেৰুওৱা চৰাইবোৰ মানুহৰ হিংসাৰো বলি হোৱা দেখা গৈছে ৷

এনে এক প্ৰতিকূল পৰিবেশৰ লগত খাপখোৱাকৈ কৃত্ৰিম বাহৰ ব্যৱস্থা কৰি পক্ষী সংৰক্ষণৰ দিশত "চৰাই বান্ধৱ"দলটো আগবাঢ়ি আহিছে। উল্লেখযোগ্য যে স্থানীয় মৃৎশিল্পীৰ সহায়ত পোৰামাটিৰে এই কৃত্ৰিম চৰাইৰ বাহ নির্মান কৰি উলিওৱা হৈছে ৷ বিদ্যালয়ত চৰাইৰ বাহ স্থাপন কৰি ছাত্ৰছাত্ৰী সকলক চৰাইৰ ৰক্ষণাবেক্ষন আৰু পর্যবেক্ষনৰ বাবে আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে।

গিৰিমল্লিকা শইকীয়াই জনোৱা মতে ," তৃণমূল পর্যায়ত চৰাই সংৰক্ষণৰ বাবে এয়া এক দীর্ঘমিয়াদী বাস্তৱসন্মত কার্যক্ষম আঁচনি পৰীক্ষা মূলক ভাৱেহে আৰম্ভ কৰা হৈছে। এই প্ৰকল্পৰ সফলতাই অসমৰ বিদ্যালয় চৌহদবোৰ চৰাইৰ কাকলিৰে আশ্ৰম সদৃশ কৰি গঢ়ি তোলাৰ সম্ভাৱনা কঢ়িয়াই আনিব৷"চৰাই বান্ধৱ"ৰ মূল কথা "চৰাই থাকিলেহে আমিও থাকিম।একেলগে আমিও থাকিম চৰাইও থাকিব।

"চৰাই বান্ধৱ" ৰ বৰ্তমান ৩০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোৰ সদস্য হ'ল বৰষা,ৰোহিত প্ৰিয়ম,চোমালিকা, প্ৰিয়াংকী,সত্যপল, ৰাজদীপ,দিপাংকৰ,আৰিয়ন , বেদান্ত,আচিছ,পৰমজ্যোতি,জ্ঞানজ্যোতি,উদয়,সৌৰভ,মণিকা,পৰী,পপী,ৰিমা, অলিভিয়া,কবিতা,ডিম্পল,প্ৰীতম,সংগীতা,দৃষ্টিপ্ৰিয়া, দৃষ্টি,এঞ্জেলিকা,জয়শ্ৰী,টুলটুলী,মুনু, দৰ্পণ।

Also Read: মোডী চৰকাৰে ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ শ্বাহ

school