বৃদ্ধি পাব ব্ৰইলাৰ মাংসৰ দাম ! বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা...

বৃদ্ধি পাব ব্ৰইলাৰ মাংসৰ দাম ! বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা...
বৃদ্ধি পাব ব্ৰইলাৰ মাংসৰ দাম ! বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পশুপালন-পশু চিকিৎসা বিভাগৰ নিৰ্দেশনা। বহিঃৰাজ্যৰ পৰা অসমলৈ আনিব নোৱাৰিব ব্ৰইলাৰ মুৰ্গী। উল্লেখ্য যে, বিহাৰ আৰু ঝাৰখণ্ডত ব্ৰইলাৰৰ দেহত দেখা দিছে মাৰাত্মক এভিয়ান ইনফ্লুয়েঞ্জা।

এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবেই ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাজ্য দুখনৰ পৰা ব্ৰইলামৰ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিৰ্দেশনা সঠিক ভাৱে পালন কৰিবলৈ সীমান্তৰ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই নিৰ্দেশনাই এতিয়া ৰাজ্যত ব্ৰইলাৰ মাংসৰ মূল্য বৃদ্ধি কৰাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো এই দুয়োখন ৰাজ্যৰ পৰা দৈনিক অসমলৈ আহে ব্ৰইলামৰ মুৰ্গী।

দুয়োখন ৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গী আমদানিত নিষেধাজ্ঞা আৰোপ কৰাত ৰাজ্যত ব্ৰইলাৰৰ চাহিদা কিদৰে পূৰণ কৰিব সেয়া হ'ব লক্ষ্যণীয়। অৱশ্যে পশুপালন বিভাগ আৰু পশু চিকিৎসালয়ৰ এই সুৰক্ষামূলক সিদ্ধান্তই অসমক এই ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি আশা কৰা হৈছে।

অৱশ্যে অভিযোগ অনুসৰি সঠিক ভাৱে এতিয়াও পালন হোৱা নাই এই নিৰ্দেশনা। এতিয়াও ৰাজ্যত প্ৰৱেশ কৰিয়েই আছে বহিঃৰাজ্যৰ ব্ৰইলাৰ মুৰ্গীৰ বাহন।

বৃদ্ধি পাব ব্ৰইলাৰ মাংসৰ দাম ! বহিঃৰাজ্যৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা...
গুৱাহাটীৰ ৰাজপথত অকলশৰীয়া মহিলা কিমান সুৰক্ষিত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in