শিক্ষক বলোৰাম সিঙৰ মৃত্যুঃ ধেমাজি আৰু কৰ্মস্থলী পশ্চিম ধেমাজি হাইস্কুলত শোকৰ ছাঁ...

শিক্ষক বলোৰাম সিঙৰ মৃত্যুঃ ধেমাজি আৰু কৰ্মস্থলী পশ্চিম ধেমাজি হাইস্কুলত শোকৰ ছাঁ...
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ভদ্ৰপাৰা নিবাসী তথা পশ্চিম  ধেমাজি হাইস্কুলৰ সহকাৰী  শিক্ষক বলোৰাম সিং (৫৫)  বয়সত বুধবাৰে ৰাতি মৃত্যু হোৱা খৱৰে ধেমাজি আৰু  কৰ্মস্থলী পশ্চিম ধেমাজি  হাইস্কুলতো গভীৰ শোকৰ ছাঁ পৰিছে ৷

অতি দুখজনক খবৰ  যে আজি কেইদিন আগতে মৃত্যু হোৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষক নীলাম্বৰ গগৈৰ অহা কাইলৈ হ'ব লগা  শ্ৰাদ্ধকলৈ শিক্ষক  বলোৰাম  সিঙে ইটো সিটো কামত ব্যস্ত আছিল ৷ এই ব্যস্ততাৰ মাজতেই বুধবাৰে ৰাতিলৈ কোৱাফলাস্থিত শাহুৱেকৰ ঘৰলৈ যোৱা অৱস্থাতেই প্ৰায় ৯.০০ মান বজাত হঠাতে হোৱা হৃদৰোগৰ  ফলত ঠাইতে  ধলি পৰে ৷ ঘটনাৰ পিছতেই  ততাতৈয়াৰকৈ ধেমাজি নগৰৰ ব্যক্তিগত নাৰ্চিংহোম বি চি বি কেয়াৰত ভৰ্ত্তি কৰে যদিও কোনো ভাল নোহোৱাত উন্নত চিকিৎসাৰ বাবে বুধবাৰে ৰাতিয়েই ডিব্ৰুগড়ৰলৈ যায় ৷

ডিব্ৰুগড়ৰ সঞ্জীৱনী ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰা পূৰ্বেই চিকিৎসকে মৃত বুলি ঘোষনা কৰাত ৰাতিয়েই শিক্ষক সিঙৰ মৃতদেহ ঘৰলৈ অনা পিছত বৃহস্পতিবাৰে  ধেমাজি ৰয়েল ক্লাৱ আৰু তেওঁৰ কৰ্মস্থলী পশ্চিম ধেমাজি হাইস্কুলৰলৈ মৃতদেহ নি অঞ্চলৰ ৰাইজ ছাত্ৰ-ছাত্ৰী সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জনায় ৷ উল্লেখ্য যে ১৯৬৯ চনৰ  ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা শিক্ষক বলোৰাম সিঙে ১৯৮৬ চনত ধেমাজি উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ পৰা হাইস্কুল মেট্ৰিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ১৯৮৮ চনত ডিব্ৰুগড়ৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ৷

২০০০ চনৰ  ১আগষ্টত ধেমাজি ঘূগুহা  দ'ল মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমে সহকাৰী শিক্ষক  হিচাপে যোগদান কৰা সিঙে পৰবৰ্তী বিদ্যালয় একত্ৰিকৰন হোৱা পিছত  ২০১৮ চনত  পশ্চিম ধেমাজি  হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে পদন্নতি লাভ কৰে ৷ অতি সহজ সৰল অনবৰতে হাহিমুখীয়া বলোৰাম সিঙে  শিক্ষকতাৰ কৰা লগতে ধেমাজি ৰয়েল ক্লাৱ,ধেমাজি ক্ৰিকেট এছোছিয়েশ্যনৰ  উপৰিও বহুকেইটা সমাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে এটি লৰা , মাতৃ ককায়েক ,ভায়েক ,ভনীয়েক আৰু পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷

শিক্ষক বলোৰাম সিঙৰ মৃত্যুঃ ধেমাজি আৰু কৰ্মস্থলী পশ্চিম ধেমাজি হাইস্কুলত শোকৰ ছাঁ...
ঘিলামৰাত  চামপৰা নৈৰ বুকুত এজন ব্যক্তি সন্ধানহীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in