ঘিলামৰাত  চামপৰা নৈৰ বুকুত এজন ব্যক্তি সন্ধানহীন...

ঘিলামৰাত  চামপৰা নৈৰ বুকুত এজন ব্যক্তি সন্ধানহীন...

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত  চামপৰা নৈৰ বুকুত এজন ব্যক্তি সন্ধানহীন...

ডিজিটেল সংবাদ,ঢকুৱাখনা: পুনৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত।  ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মেলেকী এজাৰণি অঞ্চলৰ এগৰাকী ব্যক্তি বৃহস্পতি বাৰে বিয়লি দুগৰাকী সমনীয়াৰ লগত ওলাই গৈছিল সমীপৰ চামপৰা নদী পাৰ হৈ  সিপাৰলৈ যাবলৈ  ।  নদীখনৰ ২নং চুইছ গেটৰ দাঁতিৰে অলপ তৰাং নদীখনেৰে খোজ কাঢ়ি যোৱাৰ  সময়তে  চিত্ৰ গোঁহাই (৩৭) ওৰফে কটকী নামৰ ব্যক্তি গৰাকী হঠাৎ দ পানীত সোমায়  ডুব যায় নদীৰ বুকুত ।

Advertisment

পৰিণতিত ব্যক্তি গৰাকী সন্ধান নোহোৱা হয় । ঘটনাৰ আকস্মিকতাত  বিতত হৈ দুই সমনীয়াই সমীপৰ ৰাইজক অৱগত কৰে আৰু নিজেও সন্ধান চলাই। পৰৱৰ্তী সময়ত  ঘিলামৰা আৰক্ষীকো অৱগত কৰি সন্ধান চলাই । কিন্তু কোনো সন্ধান লাভ নকৰি ঢকুৱাখনা সদৰস্থিত অগ্নি আৰু আপদকালিন সেৱা বিভাগক অৱগত কৰে ঘিলামৰা থানাই । তৎপৰতাৰে বিভাগৰ এটা দল যন্ত্ৰচালিত নাৱেৰে গৈ সমগ্ৰ নদীৰ বুকুত ব্যক্তিজনৰ সন্ধানত অভিযান চলাই ।

বাতৰি লেখাৰ সময়লৈকে  ব্যক্তিজনৰ কোনো সন্ধান উলিয়াবলৈ অভিযানকাৰী দলটো সক্ষম হোৱা নাই। ইপিনে সন্ধ্যা নামি অহাৰ বাবে অন্ধকাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান স্থগিত ৰাখি পুনৰ শুক্ৰবাৰে পুৱা অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দিছে আৰক্ষী আৰু আপদকালীন সেৱা বিভাগে ।

ঘিলামৰা