পূৰ্বৰ ধাৰা অক্ষুন্নঃ নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ১০০শতাংশ উত্তীৰ্ণ...

পূৰ্বৰ ধাৰা অক্ষুন্নঃ নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ১০০শতাংশ উত্তীৰ্ণ...

author-image
Asomiya Pratidin
New Update
পূৰ্বৰ ধাৰা অক্ষুন্নঃ নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ১০০শতাংশ উত্তীৰ্ণ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদ্যঘোষিত উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নদুৱাৰ অঞ্চলৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল খনে পূৰ্ব্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো ১০০% শতাংশ ছাত্ৰছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷অতি পিছপৰা অঞ্চলটোৰ ছাত্ৰছাত্ৰী সকলে অধ্যয়ন কৰা বিদ্যালয় খনিৰ পৰা এইবাৰ উচ্ছতৰ মাধ্যমিক চুঢ়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬৭ গৰাকীৰ ভিতৰত ৬৬ গৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে৷

Advertisment

ইয়াৰে বানিজ্য শাখাত ১০০% শতাংশ আৰু কলা শাখাত ৯৮.৩% শতাংশ৷বিদ্যালয় খনৰ কৃতি ছাত্ৰছাত্ৰী সকলক অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্য আজি আয়োজিত অনুষ্ঠানৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে যুৱ লেখক সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই৷মূখ্য অতিথি গাৰাকিৰ লগতে বিদ্যালয় কতৃপক্ষই কৃতি ছাত্ৰছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে৷

Also Read: বালিসত্ৰত দুদিনীয়াকৈ বহাগী উৎসৱ...

বালিজুৰি