বালিসত্ৰত দুদিনীয়াকৈ বহাগী উৎসৱ...

বালিসত্ৰত দুদিনীয়াকৈ বহাগী উৎসৱ...

author-image
Asomiya Pratidin
New Update
বালিসত্ৰত দুদিনীয়াকৈ বহাগী উৎসৱ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰূপালী জয়ন্তী বৰ্ষ গৰকা বালিসত্ৰ বহাগী উত্সৱ উদযাপন সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে বহাগী উৎসৱটি উদযাপন কৰা হৈছে। কালি পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ অন্তত নিশা স্থানীয় যুৱক যুৱতী সকলৰ অভিনয়েৰে তিনিখন চুটি নাটক মঞ্চস্থ কৰা হয়। নিশা ১১ বজাৰ পৰা একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

নাট্য শিল্পী প্ৰদীপ কলিতা আৰু দিব্যজ্যোতি বৰুৱাই বিচাৰকৰ আসন অলংকৃত কৰা নৃত্য প্ৰতিযোগিতাত জিনা ৰস্মি শইকীয়াই প্ৰথম স্থান, কাব্যশ্ৰী বৰাই দ্বিতীয় স্থান, জাগৃতি শইকীয়াই তৃতীয় স্থান আৰু কৃষ্ণাক্ষী কলিতাই চতুৰ্থ স্থান লাভ কৰে। আজি পুৱাৰে পৰা চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতাৰ অন্তত নিশা আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হব।

বালিসত্ৰ