বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ সমন্বয়ৰ বাৰ্তা

য'ত ফুটি উঠিছে ভিন্ন জাতি-জনজাতিৰ সম্প্ৰতিৰ এনাজৰীডাল
বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ সমন্বয়ৰ বাৰ্তা

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ এখন ব্যতিক্ৰমী বিহু মেলা। য'ত ফুটি উঠিছে ভিন্ন জাতি-জনজাতিৰ সম্প্ৰতিৰ এনাজৰীডাল।

অসমীয়া,গোৰ্খা আৰু বড়ো সম্প্ৰদায়ৰ লোকে একেলগে একেখন মঞ্চতে দিহানাম, আইনাম, সমবেত সংগীত,বাগুৰুমবা নৃত্য,মাৰুলী নৃত্য আদি পৰিবেশনৰ দ্বাৰা ৰঙালী বিহু উদযাপন কৰি এক সমন্বয়ৰ বাৰ্তা বহন কৰে ৷ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সোঁণালী জয়ন্তী বৰ্ষ গড়কা বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহু সংগীতসূৰ্য্য ড° ভূপেন হাজৰিকাৰ ৰংগমঞ্চত উদযাপন কৰে ৷

দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুক্ৰবাৰৰ প্ৰথম দিনা বঁটা বিতৰণী অনুষ্ঠানৰ লগতে শতাধিক বিশিষ্ট ব্যক্তিৰ সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন হয় । সন্ধিয়া অনুষ্ঠিত হয় বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান ৷

বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহুৰ সমন্বয়ৰ বাৰ্তা
ৱালিউল ইছলামৰ বিৰুদ্ধে আছিল পূৰ্বেও শিশু, নাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in