মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী...

মুছলপুৰ চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, শিক্ষা মন্ত্ৰী হায় হায় শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

author-image
Asomiya Pratidin
New Update
মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী...

ডিজিটেল সংবাদ, মুছলপুৰ: মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত গণিত, বিজ্ঞান বিষয়কে ধৰি কেইবাটাও বিষয় অসমীয়া মাধ্যমৰ সলনি ইংৰাজী মাধ্যম কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ আছুৰ।

Advertisment

অসমীয়া মাধ্যমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ আছুৰ। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শণিবাৰে মুছলপুৰ শ্বহীদ ভৱনৰ পৰা মুছলপুৰ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিযায় আছুয়ে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞানৰ কিতাপ ছপা কৰাক লৈ বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে বাক্সা জিলা ছাত্ৰ সন্থাই।

উল্লেখ্য যে, মুছলপুৰ চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, শিক্ষা মন্ত্ৰী হায় হায় শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

ALL ASSAM STUDENT UNION baksa