নৃশংস! বাক্সাত এগৰাকী যুৱতীক উপৰ্যুপৰি প্ৰহাৰ একাংশ লোকৰ

বাক্সাৰ নিকটৱৰ্তী ডুমুনী ঘাটত সংঘটিত হয় মৰেল পুলিচৰ ঘটনা।বাক্সাৰ কাজিয়ামাটি গাঁৱৰ এগৰাকী যুৱতীক প্রহাৰ একাংশ উদণ্ড যুৱকৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

প্ৰতীকী আলোকচিত্ৰ

ডিজিটেল ডেস্কঃ বাক্সাৰ নিকটৱৰ্তী ডুমুনী ঘাটত সংঘটিত হয় মৰেল পুলিচৰ ঘটনা।বাক্সাৰ কাজিয়ামাটি গাঁৱৰ এগৰাকী যুৱতীক প্রহাৰ একাংশ উদণ্ড যুৱকৰ। সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ পাছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।

Advertisment

এদল উদণ্ড যুৱকে উপৰ্যুপৰি প্রহাৰ কৰে যুৱতীগৰাকীক। অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই যুৱতীগৰাকীক প্রহাৰ কাৰণ। তদুপৰি এই ঘটনাটো কোন দিনা সংঘটিত হৈছে এতিয়ালৈকে সৱিশেষ জানিব পৰা হোৱা নাই। এজন সাংবাদিকো ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, ৰাজ্যত প্ৰায়েই মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱা দেখা যায়। কিছুদিন পূৰ্বেও বৰপেটাৰ পৰা এটা ঘটনা পোহৰলৈ আহিছিল য'ত দুগৰাকী যুৱতীক একাংশ লোকে অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰিছিল।

ইয়াৰোপৰি ৰাজ্যত বিভিন্ন সময়ত মৰেল পুলিচিঙৰ কবলত পৰি একাংশই মৃত্যুৰ মুখত পৰাও দেখা যায়। একাংশ নিকৃষ্ট মনৰ লোকে সংঘটিত কৰা এনে ধৰণৰ ঘটনা সমূহ সমাজৰ বাবে অভিশাপ স্বৰূপ।

Also Read: শীঘ্ৰেই অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ, ভিৰ কৰিছে দেশী-বিদেশী পৰ্যটকে

Assam police