বহিঃৰাজ্যত নিৰুদ্দেশ বকোৰ মাধৱ দাস

কামৰূপ জিলাৰ বকো সমষ্টিৰ নিছলামাৰী গাঁওৰ মাধৱ দাস নামৰ ব্যক্তিজন নিৰুদ্দেশ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত নিৰুদ্দেশ বকোৰ  মাধৱ দাস

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ হৈছে অসমৰ এগৰাকী ব্যক্তি । কাম বিচাৰি ৰাজস্থানলৈ যোৱা এজন ব্যক্তি প্ৰায় ১০ দিন ধৰি নিৰুদ্দেশ হৈ থকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত । কামৰূপ জিলাৰ বকো সমষ্টিৰ নিছলামাৰী গাঁওৰ মাধৱ দাস নামৰ ব্যক্তিজন নিৰুদ্দেশ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

পৰিয়ালৰ লোকৰ অভিযোগঃ একেখন গাঁৱৰ তাপশ বৰ্মন আৰু পৰিমল দাসে কাম দিয়াৰ কথাকৈ ৰাজস্থানলৈ নিছিল মাধৱ দাসক। অতি দৰিদ্ৰ পৰিয়ালৰ লোকজন কাম বিচাৰি ৰাজস্থানলৈ যোৱাৰ পিছত নিৰুদ্দেশ হোৱাৰ ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰে'লৱে আৰক্ষীক অৱগত কৰাইছে। কোনো ব্যক্তিয়ে মাধৱ দাস নামৰ ব্যক্তিজনৰ কোনো সম্ভেদ পালে ওচৰৰ আৰক্ষী অথবা ৯০৮৫৭১৩৭৬০ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। এই ক্ষেত্ৰত আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে পৰিয়ালৰ লোকে।

Also Read: পুৰি চাৰখাৰ হ'ল কোটি কোটি টকাৰ কাঠ

bako missing case