আঘাতপ্ৰাপ্ত অৱস্থাত মৃতদেহ উদ্ধাৰ,সৰুপেটাত ব্যৱসায়ীক হত্যাৰ সন্দেহ...

বজালীৰ সৰুপেটাত ব্যৱসায়ীক হত্যাৰ সন্দেহ। দীনেশ বণিক্য নামৰ ব্যৱসায়ীজনক হত্যাৰ সন্দেহ পৰিয়ালৰ।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ বজালীৰ সৰুপেটাত ব্যৱসায়ীক হত্যাৰ সন্দেহ। দীনেশ বণিক্য নামৰ ব্যৱসায়ীজনক হত্যাৰ সন্দেহ পৰিয়ালৰ।

Advertisment

সোমবাৰে নিশা সৰুপেটাৰ বাটুৱাত মথাউৰি আহত অৱস্থাত উদ্ধাৰ হৈছিল বণিক্যক।খবৰ পাই পৰিয়ালৰ লোকে ততালিকে হাস্পতালত ভৰ্তি কৰে লোকজনক কিন্তু চিকিৎ‍সকে মৃত ঘোষণা কৰে।

লোকজনৰ মূৰৰ লগতে শৰীৰৰ কেইবা ঠাইত অস্ত্রৰ আঘাত স্পষ্ট আছিল। তেওঁৰ বাইকখন ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। যাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত বাটুৱাৰ ৰফিকুল আলীক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্তৰ অব্যাহত।

Also Read: জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু

Assam police