শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ হ'ব UPI সেৱা, প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব শুভ উদ্বোধন

শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ হ'ব ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) সেৱা। প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে ইয়াৰ শুভ উদ্বোধন কৰিব।

author-image
Asomiya Pratidin
New Update
শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ হ'ব UPI সেৱা, প্ৰধানমন্ত্ৰী মোডীয়ে কৰিব শুভ উদ্বোধন

ডিজিটেল ডেস্কঃ শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ হ'ব ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) সেৱা। প্ৰধানমন্ত্ৰী মোডীয়ে সোমবাৰে ইয়াৰ শুভ উদ্বোধন কৰিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰম সিংহ আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথও অনুষ্ঠানটোত উপস্থিত থাকিব।

Advertisment

উল্লেখ্য যে, ভাৰতে ফিনটেক উদ্ভাৱণ আৰু ডিজিটেলৰ ক্ষেত্ৰত বহু আগবাঢ়িছে। প্ৰধানমন্ত্ৰী মোডীয়ে দীৰ্ঘদিন ধৰি অন্য দেশসমূহৰ লগত ফিনটেক উদ্ভাৱণ সংযোগ কৰাত যথেষ্ঠ গুৰুত্ব দি আহিছে।

শ্ৰীলংকা আৰু মৰিচাছৰ সৈতে ভাৰতৰ সাংস্কৃতিক সম্পৰ্ক অতি শক্তিশালী। এই পদক্ষেপৰ ক্ষেত্ৰত ডিজিটেল ক্ষেত্ৰখনৰ উন্নয়ন হ'ব আৰু দেশসমূহৰ মাজতো ডিজিটেল মাধ্যম শক্তিশালী হ'ব। শ্ৰীলংকা আৰু মৰিচাছলৈ ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকৰ লগতে ভাৰতলৈ ভ্ৰমণ কৰা মৰিছিয়ান নাগৰিকসকলো ইয়াৰ দ্বাৰা লাভান্বিত হ'ব।

Also Read: ৰাজ্যজুৰি উত্তৰণ বৃত্তি পৰীক্ষা- ২০২৪ অনুষ্ঠিত, কোকৰাঝাৰত পৰীক্ষাত বহিল ২৮৬ জন

sri lanka narendra modi UPI