অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক ‘বজালী ৰত্ন’ উপাধি প্ৰদান

অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক ‘বজালী ৰত্ন’ উপাধি প্ৰদান

author-image
asomiyapratidin
New Update
অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক ‘বজালী ৰত্ন’ উপাধি প্ৰদান

ডিজিটেল সংবাদ, মাজুলী: অসম গৌৰৱ তথা বজালীৰ সন্তান, নৃত্যৰত্ন, সংগীত নাটক একাডেমী বটাৰে বিভূষিত ৰামকৃষ্ণ তালুকদাৰক 'বজালী ৰত্ন' উপাধিৰে বিভূষিত কৰা হয়।

বজালীৰ ৰতনপুৰ গাও ৰক্ষী বাহিনীয়ে দুদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহুৰ কালিৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মহূৰ্তত নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক ৰতনপুৰ গাওৰক্ষী বাহিনী ৰঙালী বিহু উদযাপন সমিতিৰ হৈ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী ৰনজিত কুমাৰ দাস, জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, অসমীয়া প্ৰতিদিনৰ প্ৰকাশক যতীন চৌধুৰীয়ে বজালী ৰত্ন উপাধি প্ৰদান কৰাৰ লগতে গামোচা, জাপি, উপাধি পত্ৰ, চেলেং চাদৰ প্ৰদান কৰে। ইপিনে নৃত্য গীতেৰে মুখৰিত হৈ পৰে ৰতনপূৰ বিহু মঞ্চ।

আৰু পঢ়ক: ৯.৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথৰ অনিয়মৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ প্ৰতিবা

assam bajali