৯.৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথৰ অনিয়মৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ প্ৰতিবাদ

৯.৯৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথৰ অনিয়মৰ বিৰুদ্ধে ৰাজপথত ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মাজুলী ': মাজুলীৰ বনগাওঁ-পহুমৰা সংযোগী চিগনেচাৰ প্ৰকল্পৰ পথ নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে শিৱম টেনচকন লিমিটেড নামৰ এটি পথ নিৰ্মাণকাৰী সংস্থাই কামৰ আৱন্টন পোৱা ৯.৯৫ কোটি ব্যয় সাপেক্ষ ৬ কি:মি: দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্য্যত হোৱা অনিয়মক লৈ আজি ৰাজপথলৈ ওলাই আহে স্থানীয় ৰাইজ।

পথটোৰ বনগাৱঁৰ পৰা গুৱলাবাৰী দলংৰ অংশলৈকে ব্লেক টপিং কৰাৰ পিছত গুৱলাবাৰীৰ তিনি আলিৰ পৰা পথছোৱাত আজি দুদিনৰ আগেয়ে ব্লেক টপিং পৰাৰ কাম আৰম্ভ হৈছিল যদিও দুদিনতে পথটোৰ পৰা ব্লেক টপিং সমূহ এৰাবলৈ আৰম্ভ কৰিছে। ৰাইজে আজি বিষয়টো প্ৰত্যক্ষ কৰি ভৰিৰে লৰাই চোৱাত ব্লেক টপিং সমূহ এৰাই যাবলৈ আৰম্ভ কৰে। এই লৈ স্থানীয় ৰাইজে আজি পথটোৰ নিৰ্মাণ কাৰী সংস্থাটোৰ বিৰুদ্ধে গৰজি উঠে।

বিভাগে বতৰৰ প্ৰতিকূলতাৰ পৰিপ্ৰেক্ষিতত উক্ত পথত কাম বন্ধ ৰাখিবলৈ কৈছিল যদিও দত্ত উপাধিৰ এগৰাকী প্ৰভাৱশালী ঠিকাদাৰৰ নেতৃত্বৰ নিৰ্মাণকাৰী সংস্থাটোৱে মইমতালিৰে কাম কৰাৰ ৰাইজে অভিযোগ তোলে। ইয়াৰ উপৰিও পথটোত ৪ ইঞ্চি ডাঠ শিল আৰু শিলৰ গুৰি থাকিব লাগে যদিও ৰাইজে পথটোৰ পহুমৰা কলিতা গাওঁ অংশত নিজেই খান্দি শিল আৰু ৰঙা মাটি মিহলি বালি মাত্ৰ ডেৰ ইঞ্চি মানহে পোৱা বুলি অভিযোগ উঠিছিল।

বৰষুণৰ ফলত পথছোৱাত বোকা হোৱালৈ চাই শিলৰ গুড়িৰ নামত ৰঙা মাটি দিয়া বুলি ৰাইজে অভিযোগ তুলিছিল। শিলৰ গুড়ি হোৱা হলে কেতিয়াও বোকা নহল হেতেন বুলিও তেতিয়া ৰাইজে মন্তব্য কৰিছিল। কিন্তু কাৰ আৰ্শীবাদ পুষ্ট হৈ এনে অভিযোগৰ পিছতো বৰ্তমান পথছোৱাত তেনেদৰেই ঠিকাদাৰ পক্ষই কাৰ্পেটিং কৰিছে তাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে। ইফালে উক্ত পথটোৰ এটা অংশত থকা এটা পুৰণি কালভাৰ্টৰ ওপৰতে পথটো নিৰ্মাণ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উঠিছে।

নিয়ম মতে উক্ত স্থানত এটা নতুন কালভাৰ্ট নিৰ্মাণ কৰিব লাগে। সহজ সৰল গঞা ৰাইজৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰ গৰাকীয়ে কৰা নিম্নমানৰ কামৰ সন্দৰ্ভত অঞ্চলৰ ৰাইজে কয় যে- চৰকাৰে ৰাইজৰ সুবিধা হোৱাকৈ উন্নত মানদণ্ডেৰে বহু কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ আচনি গ্ৰহণ কৰা পথছোৱা অতি নিম্ন মানদণ্ডেৰে নিৰ্মাণ কৰাৰ উপৰিও বৰ্তমান দুদিনৰ আগেয়ে পৰা ব্লেক টপিঙো ভৰিৰে মোহাৰি দিওঁতেই এৰাই যোৱালৈ চাই পথটো নিৰ্মানত অনিয়ম সংঘটিত হৈছে বুলি উল্লেখ কৰি লোক নিৰ্মাণ বিভাগ মৌন নাথাকি অতি শীৰ্ঘে ঠিকাদাৰ গৰাকীৰ ওপৰত বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰো ৰাইজে দাবী উত্থাপন কৰিছে।

স্থানীয় সাংসদ-বিধায়কৰ উপস্থিতিত যোৱা সপ্তাহত অনুষ্ঠিত হোৱা মাজুলী জিলাৰ চৰকাৰী কামৰ পৰ্যালোচনা সভাত মাজুলীৰ উপায়ুক্তই মাজুলীত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ কাৰ্য্যক বিশেষভাৱে সলাগ লোৱাৰ সময়তে পথ নিৰ্মাণত সংঘটিত এই অনিয়মৰ বিৰুদ্ধে উপায়ুক্তই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেইয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in