/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a0deac91-eca6-4f32-884c-ac45bf4384fb/Panchayat.jpg)
ডিজিটেল সংবাদ, বজালী: বজালী জিলাৰ নিত্যানন্দ পানৱাৰী গাঁও পঞ্চায়তত গৃহ মুকলি। পঞ্চায়তৰ অন্তৰ্গত কমন চাৰ্ভিচ চেন্টাৰৰ অভিলাসী আঁচনিৰ গৃহ ৰাইজৰ সুবিধাৰ্থে সোমবাৰে মুকলি কৰা হয়।
RGSAৰ অধীনত ৪ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলৈ লোৱা আঁচনিখনৰ খনৰ গৃহ মুকলি কৰে বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই। গৃহ মুকলি কৰি খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাই চৰকাৰৰ অভিলাসী আঁচনিসমূহ নিকা আৰু স্বচ্ছ ভাৱে কৰাৰ বাবে আহ্বান জনায়। সাধাৰণ ৰাইজে উচিত ব্যৱহাৰ কৰাৰ বাবে ৰাইজৰ সেৱাত গৃহটো আগবঢ়ায় দিয়ে বিষয়া গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6d25c95b-aab4-43fe-b737-5bf7a0e42ad0/WhatsApp_Image_2023_03_20_at_1_46_01_PM.jpeg)
অনুষ্ঠানত উপস্থিত থাকে বজালী জিলা পৰিষদৰ সভাপতি ৰণজিৎ শালৈ, বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা দিলীপ কলিতা, বজালী উন্নয়ন খণ্ডৰ কৰ সংগ্ৰহক হেমাংগ পাটগিৰী, পানবাৰী গাওঁ পঞ্চায়তৰ সভাপতি পৰাগ তালুকদাৰ, সচিব অলকেশ ঠাকুৰীয়াৰ লগতে পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ।