বজালী মহকুমা অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অবসৰপ্ৰাপ্ত কনিষ্ট সহায়ক জগন্নাথ চৌধুৰীক বিদায় সম্ভাষণ

বজালী মহকুমা অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ অবসৰপ্ৰাপ্ত কনিষ্ট সহায়ক জগন্নাথ চৌধুৰীক বিদায় সম্ভাষণ

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, বজালী– মহকুমা কল্যাণ বিষয়া বৰপেটাৰ কাৰ্যলয়ত কনিষ্ঠ সহায়ক হিচাপে যোগদান কৰি নবগঠিত মহকুমা কল্যাণ বিষয়া বজালীৰ কাৰ্য্যলয়ত বহু বছৰ ধৰি নিষ্ঠা আৰু সততাৰে কনিষ্ঠ সহায়ক হিচাপে কৰ্তব্য পালন কৰি অৱসৰ ল'লে এগৰাকী সহজ সৰল মনৰ ব্যক্তি জগন্নাথ চৌধুৰীয়ে।

Advertisment

কনিষ্ঠ বিষয়া জগন্নাথ চৌধুৰীক বিদায়ী সম্ভাষণ জনাবলৈ পাঠশালা মিলনপুৰস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্য্যলয়ত এখন বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়।সভাত বিদায়ী জগন্নাথ চৌধুৰীক গামোচা,শৰাই,মানপ্ৰত্ৰ,
ভাগৱত,ছাটি,জাপিৰে বিদায়ী সম্ভাষণ জনায়।মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ড বজালীৰ অধ্যক্ষ ফণীধৰ দাসৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনত বিশিষ্ঠ ব্যক্তি হিচাপে উপস্থিত থাকে বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা,সৰুপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা বজালী মহকুমা কল্যাণ বিষয়া জোনালী ৰাভা,ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু,অবিচি বোৰ্ডৰ অধ্যক্ষা ধীৰুমণী ৰয়(ববী),কনিষ্ঠ সহায়ক জয়ন্ত কুমাৰ দাসৰ লগতে বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

সভাত বিদায়ী ভাষণত জগন্নাথ চৌধুৰীয়ে নিজৰ কৰ্মজীৱনৰ কথা কৈ আৱেগিক হৈ পৰে।খণ্ড উন্নয়ন বিষয়া বেজবৰুৱাই বিষয়া কৰ্মচাৰী সকলক ভাষণ প্ৰসংগত কয় যে নিজৰ কৰ্ম সততা আৰু নিষ্ঠাৰে কৰি গলে এদিন নিজে ভাল কৰ্ম ফল লাভ কৰিৱ পাৰে বুলি মত প্ৰকাশ কৰে।

আৰু পঢ়ক: ট্ৰাকৰ চেপাত প্ৰাণ গ'ল মহিলাৰ…

assam bajali