ট্ৰাকৰ চেপাত প্ৰাণ গ’ল মহিলাৰ…

ট্ৰাকৰ চেপাত প্ৰাণ গ’ল মহিলাৰ…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও চহৰৰ শেনছোৱাত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ট্ৰাকৰ চেপাত প্ৰাণ গ'ল এগৰাকী মহিলাৰ ৷ নিহত মহিলাগৰাকীৰ নাম অনুপমা শইকীয়া ৷ ৪০ বছৰীয়া অনুপমা শইকীয়াৰ মৃত্যুত শোকৰ ছা পৰিছে শেনচোৱা অঞ্চলত ৷

জানিব পৰা মতে শেনছোৱা স্থিত ভাৰতীয় খাদ্য নিগমৰ ভড়াললৈ অহা এ এছ ০১ এ চি ৭৯৩৮ নম্বৰৰ ট্ৰাক খনে পিছফালৰ পৰা খুন্দা মাৰে অনুপমা শইকীয়া নামৰ মহিলাগৰাকীক ৷

ঘটনাটোত গুৰুতৰ ভাবে আহত মহিলাগৰাকীক স্হানীয় লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in