বাইহাটা চাৰিআলিৰ বৰপলহাত পথ দুৰ্ঘটনা

মঙলবাৰে নিশা বাইহাটা চাৰিআলিৰ বৰপলহাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

author-image
Asomiya Pratidin
New Update
বাইহাটা চাৰিআলিৰ বৰপলহাত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ দুমুনিচকী : মঙলবাৰে নিশা বাইহাটা চাৰিআলিৰ বৰপলহাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱক জনক স্থানীয় লোকে মুমুৰ্ষ অৱস্থাত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰপলহা নিবাসী জ্যোতিস্ময় ডেকাই (৩০) নিশা প্ৰায় ১০-১৫ বজাত এ এচ ০১ বি এম ২৭৭৩ নম্বৰৰ মাৰুটি ৱেগনাৰ এখন চলাই বেজেৰাৰ দিশৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি আছিল।

তেনে সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিপৰীতমুখে গৈ থকা এইচ পি ১২ এল ৭৪৫৫ নম্বৰৰ কন্টেইনাৰ ট্ৰাকখনৰ সৈতে বৰপলহাত মুখামুখি সংঘৰ্ষ হয়। ফলত মাৰুটি ৱেগনাৰ বাহনৰ চালকৰ আসনত থকা জ্যোতিস্ময় ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাৰ ফলত সন্মুখভাগ বিধ্বস্ত হৈ পৰা ৱেগনাৰখনৰ ভিতৰৰ পৰা কোনোমতে জ্যোতিস্ময় ডেকাক বাহিৰলৈ উলিয়ায় আনি স্থানীয় লোকে ততাতৈয়াকৈ বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়।

চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও ডেকাৰ অৱস্থালৈ লক্ষ কৰি পৰিয়ালৰ লোকে নাৰায়ণ চুপাৰ স্পেছেলিটি হাস্পতালত ভৰ্তি কৰায়। বাইহাটা চাৰিআলি আৰক্ষীয় দুৰ্ঘটনা সংঘটিত কৰা দুয়োখন বাহন জব্দ কৰিছে। আঘাতপ্ৰাপ্ত ডেকাক সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে।

Also Read: ন বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাইৰেল ফটো সন্দৰ্ভত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্য...

road accident