এজনীৰ পাছত আনজনীক বিয়া জাহিদৰ, ন-বিবাহিতাৰ মৃত্যুৰ পাছতে বহু তথ্য পোহৰলৈ...

প্ৰথম পত্নী থকাৰ পিছত দ্বিতীয় পত্নী হিচাপে নিকাহ সম্পন্ন কৰা জাহিদে দ্বিতীয় পত্নীৰে বৈবাহিক জীৱন কিছুদিন পাৰ কৰে

author-image
Asomiya Pratidin
New Update
এজনীৰ পাছত আনজনীক বিয়া জাহিদৰ, ন-বিবাহিতাৰ মৃত্যুৰ পাছতে বহু তথ্য পোহৰলৈ...

ডিজিটেল সংবাদ, দুমুনিচকী : বাইহাটা চাৰিআলিৰ এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জানিব পৰা মতে, বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত যোৱা ১২ মাৰ্চৰ নিশা ৰহস্যজনকভাবে উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ।

Advertisment

উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পৰিচয় লাভ কৰাৰ পিছতে এতিয়া উন্মোচিত হ'বলৈ ধৰিছে ন ন তথ্য। নৱ বিবাহিতা খাতিজাৰ বিবাহ সম্পন্ন হোৱাৰ এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত বকুল মাজগাঁও নিবাসী খাতিজা নিছাৰ ৰহস্যজনক মৃত্যুক পৰিকল্পিত হত্যা কাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে খাতিজাৰ পিতৃ পৰিয়ালে।

উক্ত বিষয় সন্দৰ্ভত খাতিজাৰ পৰিয়ালৰলোকে উত্থাপন কৰা অভিযোগ অনুসৰি কামৰূপ জিলাৰ চাংসাৰী আৰক্ষী থানাৰ অন্তৰ্গত দেউদুৱাৰ নিবাসী জাহিদ চৌধুৰী ওৰফে চাহাবৰ সৈতে ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত বকুল মাজগাঁৱৰ খাতিজা নিছা নামৰ যুৱতী গৰাকীৰ ২৮ এপ্ৰিল ২০২২ত নিকাহ সম্পন্ন হয়।

নলবাৰী জিলাৰ সদৰ কাজীৰ কাৰ্যালয়ত ৭৫ হাজাৰ টকা দেনমোহৰ ধাৰ্য কৰি নিকাহ সম্পন্ন কৰাৰ উপৰি সেই দিনাখনেই ৰঙিয়া আদালতত নটাৰিযোগে এখন বৈবাহিক চুক্তিও সম্পন্ন কৰে।

উল্লেখ্য যে, প্ৰথম পত্নী থকাৰ পিছত দ্বিতীয় পত্নী হিচাপে নিকাহ সম্পন্ন কৰা জাহিদে দ্বিতীয় পত্নীৰে বৈবাহিক জীৱন কিছুদিন পাৰ কৰে যদিও দাম্পত্য জীৱনৰ ৬ মাহ নৌহওঁতেই জাহিদে দ্বিতীয় পত্নী খাতিজাক পিতৃ গৃহৰ পৰা ধন আনি দিয়াৰ বাবে খাতনি ধৰিবলৈ আৰম্ভ কৰে।

আনহাতে, প্ৰথম পত্নীৰ সন্তান দেউদুৱাৰস্থিত ঘৰত থকাৰ বাবে দ্বিতীয় পত্নী খাতিজা নিছাক ভাড়ালৈ লোৱা ঘৰত ৰাখিবলগীয়া হয়। এগৰাকীৰ পিছত আনএগৰাকীক বিবাহ কৰাই খৰছ বহন কৰিব নোৱাৰা জাহিদে পিছলৈ ধন আনি দিবলৈ খাতিজাৰ ওপৰত মানসিক তথা শাৰীৰিক নিৰ্যাতন আৰম্ভ কৰে। ফলত দ্বিতীয় পত্নী খাতিজাই পিতৃ গৃহৰ পৰা এবাৰ ৫০হাজাৰ টকা আনি জাহিদক দিয়ে যদিও উক্ত টকা খৰছ হোৱাৰ পিছত পুনৰ টকা আনি দিবৰ বাবে খাতিজাৰ ওপৰত শাৰীৰিক তথা মানসিক নিৰ্যাতন আৰম্ভ কৰে।

এনেদৰে বিবাহপাশত আবদ্ধ হোৱাৰ এবছৰ সম্পূৰ্ণ নৌহওঁতেই খাতিজায় কেইবাবাৰো জাহিদক ধন আনি দিবলগীয়া হয়। আনহাতে পিতৃ পৰিয়ালেও খাতিজাৰ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি নহ'বলৈ সাধ্যনুসৰি সময়ে সময়ে টকা দি সহায় কৰি আহিছে। ইমানৰ পিছতো খাতিজাৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ খবৰ লাভ কৰি ডিব্ৰুগড়ৰৰ বকুল মাজগাঁৱৰ পিতৃ পৰিয়ালৰ লোকসকল হতবাক হৈ পৰে।

আনহাতে যোৱা ১২ মাৰ্চত নিশা থকা ঘৰটোৰ তৰ্জা বেৰৰ বাঁহৰ খুঁটাত ডিঙিত চিপ লোৱা অৱস্থাত মৃত খাতিজাক স্থানীয় লোকে প্ৰত্যক্ষ কৰে। ইয়াৰ উপৰি স্বামী জাহিদে তাৰ অলপো দোষ নাই বুলি উল্লেখ কৰি লিখা এখন কাগজ মৃত খাতিজাৰ ভৰিৰ ওচৰত থৈ পলায়ন কৰা কাৰ্য্যত খাতিজাৰ মৃত্যু সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ লগতে পিতৃ পৰিয়ালৰ লোকৰ মনতো বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে।

খাতিজাক হত্যা কৰাৰ পিছত আত্মহত্যা কৰা বুলি পতিয়ন নিয়াবলৈ ডিঙিত চিপ লগোৱাৰ অভিযোগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছ যদিও ডিব্ৰুগড়ৰ পিতৃ পৰিয়াল তথা খাতিজাৰ ভাতৃ হাচিবউদ্দিন আহমেদে স্থানীয় লাহোৱাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। লগতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকসহ ডিব্ৰুগড় জিলা প্ৰশাসনক ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।

Also Read: জলসম্পদৰ খনন প্ৰকল্পই অস্তিত্ব বিপন্ন কৰিব ন-আলি-ঘাগৰমুখ বালি গাঁৱলৈ

crime Assam police