শিক্ষামন্ত্ৰীৰ লগত বৈঠক সন্তোষজনক বুলি মন্তব্য শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

ডা: ৰণোজ পেগুৰ মাজত অ- প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলৰ পদ প্ৰাদেশীকৰণ সম্পৰ্কত হোৱা আলোচনা সন্তোষজনক বুলি মন্তব্য কৰে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামে।

author-image
Asomiya Pratidin
New Update
শিক্ষামন্ত্ৰীৰ লগত বৈঠক  সন্তোষজনক বুলি মন্তব্য শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চ আৰু শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ মাজত অ- প্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলৰ পদ প্ৰাদেশীকৰণ সম্পৰ্কত হোৱা আলোচনা সন্তোষজনক বুলি মন্তব্য কৰে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামে। উল্লেখ্য যে ৰাজ্যৰ বাৰ হাজাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰণকে ধৰি অনান্যা সমস্যাৰ সমাধানৰ বাবে সোমবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ আমন্ত্ৰন ক্ৰমে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এঘাৰজনীয়া এটি সজাতি দলৰ লগত এক বৈঠকত মিলিত হৈছিল।

Advertisment

অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান সমূহত কৰ্মৰত শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ কৰাৰ সম্পৰ্কত অনুষ্ঠিত এই বৈঠক সন্তুোষজন বুলি বুধবাৰে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামে সংবাদ মাধ্যমক জানিব দিয়ে। এই সম্পৰ্কত বাহাৰুল ইছলামে মন্তব্য কৰি কয় যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ এই সমস্যা দীৰ্ঘদিনীয়া।

তেওঁ কয় যে এই সমস্যাটো সমাধানৰ বাবে বহু আন্দোলন আৰু বহুবাৰ চৰকাৰৰ লগত আলোচনা কৰা হয়।কিন্তু অপ্ৰাদেশীকৃত বিদ্যালয়লৰ শিক্ষক সকলৰ সমস্যা সমাধানত চৰকাৰে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে।তেওঁ আশা প্ৰকাশ কৰে আগন্তুক সময়ত চৰকাৰৰ লগত হবলগীয়া বৈঠকত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ সমস্যা সমাধানত চৰকাৰে গুৰুত্ব দি অচিৰেই ভেঞ্চাৰ সমস্যাটোৰ যৱনিকা পেলাব বুলি চৰকাৰলৈ দাবী জনায়।

শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ হৈ দলটোত অংশ লয় যুগল গগৈ;আনোৱাৰ হুছেইন চৌধৰী ;মুদুলা ডেকা;প্ৰচাৰ সম্পাদক ৰৌচন আলি ;উপদেষ্টা বিপুল শৰ্মা আৰু পুৰবি কলিতা আদিয়ে ।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ দ্বিতীয় দিনা আয়োগৰ শুনানিত ১৩ জিলাৰ ৬৪৫ গৰাকী প্ৰতিনিধিৰ অংশ গ্ৰহণ

ranoj pegu teacher