আৰম্ভ হ'ল বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাৰ্ষিক "আণ্ডাৰ দা শাল ট্ৰী"...

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাৰ্ষিক "আণ্ডাৰ দা শাল ট্ৰী"...

ডিজিটেল ডেস্ক : ১৫ ডিছেম্বৰৰ পৰা আৰম্ভ হ'ল বাদুংডুপ্পা কলা কেন্দ্ৰৰ বাৰ্ষিক থিয়েটাৰ মহোৎসৱ "আণ্ডাৰ দা শাল ট্ৰী" । বাদুংডুপ্পা কলা কেন্দ্ৰৰ জনক তথা স্বনামধন্য নাট্যকাৰ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সম্পৰীক্ষণ মূলক এক প্ৰকাৰৰ নাট্য আন্দোলন হ'ল "আণ্ডাৰ দা শাল ট্ৰী" । তিনি দিনীয়াকৈ অনুষ্ঠিত হ'ব লগীয়া এই অনুষ্ঠানটিত গোৱালপাৰাৰ ৰামপুৰৰ বৰ্দামালৰ থকা শালনী বাৰীত শাল গছৰ মাজত মুকলি আকাশৰ তলত এইবেলি প্ৰদৰ্শন কৰা হ'ব সৰ্বমুঠ ৭ খনকৈ নাটক ।

Advertisment

আন্তৰ্জাতিক থিয়েটাৰ মহোৎসৱ "আণ্ডাৰ দা শাল ট্ৰী"ত প্ৰদৰ্শন কৰিব লগীয়া এই নাটক কেইখনৰ দৰ্শক ৰূপে উপস্থিত থাকিব দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ সৈতেই বহু কেই গৰাকী বিদেশী নাট্য অনুৰাগীও ।

উল্লেখ্য যে, বাদুংডুপ্পা হৈছে ৰাভা জনগোষ্ঠীৰ বাঁহেৰে নিৰ্মিত এটি বাদ্যযন্ত্ৰ । আৰু এই বাদ্যযন্ত্ৰটিৰ নামেৰেই নামাকৰণ কৰা হৈছিল নাট্য সম্ৰাট শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংডুপ্পা কলা কেন্দ্ৰ ।

আৰু পঢ়ক : আম্বানিলৈ মুকলি চিঠি জ্যেষ্ঠ অধিবক্তা কুন্তলা দাসৰ...

goalpara assam