ভূ-মাফিয়াৰ সন্ত্ৰাস! মৰণফাণ্ডলৈ পৰিণত কৃষিভূমি

যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তেই চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষিভূমিসমূহত ভূ- মাফিয়াৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।
ভূ-মাফিয়াৰ সন্ত্ৰাস! মৰণফাণ্ডলৈ পৰিণত কৃষিভূমি

ডিজিটেল সংবাদ, চাবুৱা: যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তেই চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষিভূমিসমূহত ভূ- মাফিয়াৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । পৰিবেশ এনে পৰ্যায় পাইছেগৈ যে কৃষিভূমিত অবৈধ মাটি খননৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো আৰক্ষী - বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিব পৰা নাই।

বিশেষকৈ চাবুৱাৰ পুলুঙা পথাৰ, ৰহমৰীয়া , দিনজয় চাৰিয়ালিৰ সমীপত পথাৰ, ৰহমৰীয়া থানাৰ অন্তৰ্গত খাগৰি মাইজান , কদমণি পথাৰ, ভৰলোৱা বগৰীতলিয়াৰ লগতে বহু গাঁৱত পথাৰসমূহ মৰণফাণ্ডলৈ পৰিণত হৈছে । ৰহমৰীয়াৰ, পুলুঙা পথাৰৰ লগতে বহু স্থানত যোৱা বৰ্ষত ইটাভাটালৈ মাটি নিবলৈ খন্দা গাতত পৰি বাৰিষাত বহু ব্যক্তিয়ে মৃত্যক আকোৱালি লবলগীয়া হৈছিল ।

বন বিভাগ, আৰক্ষী আৰু চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ চৰম হেমাহিৰ বাবেই পুনৰ একেই পৰিবেশ হবলৈ যোৱাত এতিয়া চিন্তিত হৈ পৰিছে কৃষক ৰাইজ । বিশেষকৈ চাবুৱাৰ দিনজয় চাৰিয়ালিৰ সমীপত পথাৰত আজি ৩ খনতকৈ অধিক জেচিবিৰে পথাৰত বৃহৎ বৃহৎ গাত খান্দি ১০ খনতকৈ অধিক ডাম্পাৰেৰে দিনজয় যান পুটি ৱাইপাছলৈ মাটি নিয়ে। ইয়াৰ বিষয়ে চাবুৱা আৰক্ষীক খবৰ দিয়াৰ পিছতো বন - বিভাগ আৰু আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাত চাবুৱাৰ প্ৰেছ ক্লাৱৰ লগতে দল - সংগঠন আৰু সচেতন ৰাইজ চিন্তিত হৈ পৰিছে ।

দুদিনৰ পূৰ্বে ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশত পুলুঙা পথাৰত অবৈধ মাটি খনন কৰাৰ বিৰুদ্ধে চাবুৱা ৰাজহ চক্ৰ বিষয়া, বন বিভাগ আৰু চাবুৱা আৰক্ষীয়ে অভিযান চলাই এখন গাড়ী জব্দ কৰাৰ লগতে পথাৰৰ মালিকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল । কিন্তু এই হুংকাৰৰ দুদিনৰ পিছতেই এতিয়া পুনৰ পথাৰসমূহত জেচিবিৰে বৃহৎ বৃহৎ গাত খন্দাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিব নোৱাৰা বিষয়টোৱে ৰাইজৰ মাজত বহু প্ৰশ্নৰ সৃষ্টি কৰিছে ।

ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশত একেটা দিনতেই ভূ - মাফিয়াৰ ওপৰত গৰজি উঠা প্ৰশাসনে কিয় এদিন চমক সৃষ্টি কৰি দুদিনৰ পিছতেই মৌন হ'ল তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্তক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অমলেন্দু ফুকনে আহ্বান জনাইছে । সমান্তৰালকৈ ৰহমৰীয়াৰ খাগৰি মাইজানতো ৰহমৰীয়া থানাৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰৈত দৈনিক ৬ খনতকৈ অধিক জেচিবিৰে ২০ খনতকৈ অধিক ডাম্পাৰত পথাৰ খান্দি মাটি নি আছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত ৰহমৰীয়া আৰক্ষীৰ লগতে বন বিভাগ ।

যাৰ ফলত এতিয়া এফালৰপৰা কৃষিভূমিসমূহ মৰণফাণ্ডলৈ পৰিণত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে ভয়াবহ অন্ধকাৰ ভৱিষ্যত নামি আহিছে। ৰাইজে জাতি, মাটি - ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনৰ দিনত মুখ্যমন্ত্ৰীৰ লগতে ডিব্ৰুগড় জিলা উপায়ুক্তক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক: প্ৰেমৰ বাবেই এৰিলে স্বামী, সন্তানক! সমাজে মানি নল'লে দুই যুৱতীৰ আত্মহননৰ ভাবুকি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in