হাজিৰহাটত দলীয় কৰ্মীক কাণতলীয়া চৰ আজমলৰ..

হাজিৰহাটত দলীয় কৰ্মীক কাণতলীয়া চৰ আজমলৰ..

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ বুধবাৰে মানকাচৰৰ হাজিৰহাটত এআইইউডিএফ ৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে বিধায়ক আমিনুল ইছলাম,ধিং সমষ্টিৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলাম,দলটোৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি জেহেৰুল হক। উক্ত সভাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে উপস্থিত হয় এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল।

আজমলে ভাষণৰ আৰম্ভণিতে উপস্থিত দলীয় সমৰ্থক সকলক ছালাম দিয়ে। ভাষণ শুনিবলৈ অহা সমৰ্থক সকলে ছালামৰ কোনো উত্তৰ নিদি নিৰব দৰ্শক হৈ বহি থকা পৰিলক্ষিত হয়। ৰাইজৰ এই নিৰবতা দেখি আজমলে কয়, "য’ত প্ৰায় ৯৫ শতাংশ সংখ্যালঘু মুছলমান লোক বসবাস কৰে সেই স্থানত যদি ছালামৰ উত্তৰ দিয়া নহয় তাত ভাষণটো জায়েদ নেকি। এই দল মই আপোনালোকৰ বাবে জন্ম দিছো,মোৰ নিজৰ বাবে নহয়। আপোনালোকক যদি এনে লাগে যে আজমল ২০ বছৰে একো কৰিব পৰা নাই তেন্তে ৰকিবুল হুছেইনক ভোট দিয়ক। যদি আপোনাকে ভাবে আজমল বিজেপিৰ হাতত বিক্ৰী হৈছে, ৰকিবুলৰ পৰা গগৈ লৈ, শইকীয়া চাহাবৰ পৰা বৰ্তমানৰ ৰকিবুললৈকে সবে মিলি যদি ধন জমা কৰে আজমলতকৈ বেছি নহ’ব।

ভাষণৰ মাজতে আজমলে মাইক এজনৰ হাতত তুলি দি মঞ্চৰ পৰা নামি যায়। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম সহ সমৰ্থক সকলে আজমলক উভতাই আনে। মঞ্চত উঠি ৰাইজৰ সন্মুখতে আজমলে নিজ দলীয় কৰ্মীক কাণতলীয়া চৰ শোধায়। আন কৰ্মী সকলে বাধা দিবলৈ চেষ্টা কৰাত আজমলে কৰ্মী জনক বাৰে বাৰে প্ৰহাৰ কৰে। এটা সময়ত তেওঁ কাষতে থকা চেয়াৰ উঠাই দলীয় কৰ্মীজনক প্ৰহাৰ কৰিবলৈ চেষ্টা চলায় যদিও আন কৰ্মী সকলে আজমলক বাধা দিয়াত কিছু সময়ৰ ভিতৰত পৰিবেশ শান্ত হৈ পৰে। বিধায়ক আমিনুল ইছলাম পুনৰ আজমলৰ হাতত মাইক তুলি দিয়াৰ পাচত দ্বিতীয় বাৰৰ বাবে আজমলে ভাষণ আৰম্ভ কৰে।

জানিব পৰা মতে হাজিৰহাট এলেকাৰ আতাবুৰ ৰহমান নামৰ এআইইউডিএফ কৰ্মী জনে ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনি দিয়াৰ বাবে আজমলে কৰ্মীজনক চৰ শোধায়। আজমলে নিৰ্বাচনী মঞ্চত এইদৰে দলীয় কৰ্মীক চৰ শোধোৱা ঘটনা সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দ্বিতীয় বাৰৰ বাবে আজমল ভাষণ আৰম্ভ কৰি উপস্থিত সমৰ্থক সকল ছালাম দিয়ে। তেওঁ কয় যে,মোক আল্লাই ৰাজনৈতিক আৰু ধৰ্মীয় শক্তি দিছে। এই শক্তিৰ দ্বাৰা মই আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। আমাক ৰকিবুল হুছেইনৰ কোনো নিৰাপত্তা নালাগে। আমাৰ আল্লাৰ নিৰাপত্তা আছে। ধুবুৰীত আজি প্ৰিয়ংকা গান্ধীৰ সভাত খুব বেছি ৫০ হাজাৰ মানুহ হৈছে, আমাৰ এই সভাতেই প্ৰায় ২০ হাজাৰ মানুহ হৈছে বুলি আজমলে দাবী কৰে। আজমলে এটাৰ পাচত এটা বিস্ফোৰক মন্তব্য কৰি প্ৰিয়ংকা গান্ধীক ধুবুৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ চেলেঞ্চ কৰে। ৰাইজৰ পৰা ব্যাপক সমৰ্থন লাভ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে, ভাষণৰ শেষত আজমলে কৰা ব্যৱহাৰৰ বাবে সমৰ্থক সকলৰ পৰা ক্ষমা বিচাৰি সকলোকে দোৱা কৰিবলৈ আহ্বান জনায়।

সভাত উপস্থিত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু দলৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল হকে অখিল গগৈ, লুৰিণ জ্যোতি গগৈৰ লগতে ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে। জাবেদ ইছলাম জয়ী হোৱাৰ কোনো আশা নাই বুলি মানকাচৰৰ বিধায়ক জনে মন্তব্য কৰি জাবেদ ইছলামৰ সমালোচনা নকৰাই ভাল বুলি মত প্ৰকাশ কৰি কংগ্ৰেছকে কঠোৰ সমালোচনা কৰে।

মন কৰিবলগীয়া যে, হাজিৰহাটৰ এই নিৰ্বাচনী সভাৰ পাচত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম,জেহেৰুল হক সহ আজমল মানকাচৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত উপস্থিত হৈ আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

হাজিৰহাটত দলীয় কৰ্মীক কাণতলীয়া চৰ আজমলৰ..
ছলমান খানৰ বাসগৃহত গুলিচালনাৰ সৈতে জড়িত এজনৰ আত্মহত্যা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in