/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d47ce375-6146-479b-88e5-5060053eceb7/babul.jpg)
ডিজিটেল ডেস্ক: অৱসৰ প্ৰাপ্ত বেংক বিষয়া তথা অসমৰ ট্ৰেড ইউনিয়ন আন্দোলনৰ বলিষ্ঠ নেতা নিউ গুৱাহাটী নিৱাসী বাবুল চৌধুৰীয় আৰু নাই। দেওবাৰে আকস্মিকভাৱে উচ্চ ৰক্তচাপ জনিত কাৰণত মৃত্যু মুখত পৰে চৌধুৰী।
পুৱাৰ ভাগত তেওঁৰ পেচাৰ ষ্ট্ৰোক (উচ্চ ৰক্তচাপ) হয় আৰু পৰৱৰ্তী সময়ত তেওঁক গীতানগৰস্থিত কেজিএমটি হাস্পাতাললৈ নিয়া হয়। কিন্তু সন্ধিয়াৰ ভাগত চৌধুৰীয়ে মৃত্যুক সাৱতি লয়। মৃত্যুৰ সময়ত তেওঁ পত্নী,কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে।
বাবুল চৌধুৰী বেংক বিষয়া হোৱাৰ উপৰিও বিশিষ্ট ট্ৰেড ইউনিয়নৰ এজন বলিষ্ঠ নেতা আছিল। নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনিন পূজা সমিতিৰো তেওঁ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া তথা স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি আছিল। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিবাদী সংগ্ৰাম সমূহৰ অগ্ৰনী ভূমিকা পালন কৰিছিল চৌধুৰীয়ে। তেওঁৰ মৃত্যুত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনিন পূজা সমিতিয়ে শোক প্ৰকাশ কৰিছে।