/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e42f5c42-8571-4502-92b2-35efc29d6066/PIJUSH_21.jpg)
সোণাৰীত ড° বি. আৰ. আম্বেদকাৰ ভৱন উদ্বোধন পীযুষ হাজৰীকাৰ...
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি চৰাইদেউ জিলাৰ সোণাৰীত অনুসূচীত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সঞ্চালকালয়ৰ দ্বাৰা সংমোদিত অনুদানেৰে নিৰ্মিত ড° বি. আৰ. আম্বেদকাৰ ভৱনটি উদ্বোধন কৰে।
দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা, আজীৱন বৈষম্যহীন সমাজৰ বাবে কাম কৰা ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ আবক্ষ মূৰ্তি উদ্বোধন কৰি মন্ত্ৰী হাজৰীকাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁ চৰাইদেউ জিলাৰ এই ভৱনটি ৰাইজৰ প্ৰতি উছৰ্গা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/72bb324f-e565-496f-91b6-68ef9eaa98ae/6d61bb31_9a2f_476c_b0ac_7c4ddc0691a1.jpg)
এই সন্দৰ্ভত মন্ত্ৰী হাজৰীকাই ফেচবুকত লিখিছে, ''মূলতঃ অনুসূচীত লোকে বসবাস কৰা অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰ দেৱৰ সোঁৱৰণত স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ তথা আলোচনা চক্ৰ, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ এটি ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। এই পৰিকল্পনাৰ অংশ হিচাপে অসমৰ জিলা সদৰ আৰু মহকুমাত অনুসূচীত জাতিৰ লোকে বাস কৰা অঞ্চলত আম্বেদকাৰ ভৱন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু আজীৱন এখন বৈষম্যহীন সমাজৰ বাবে কাম কৰা ড° ভীমৰাও ৰামজী আম্বেদকাৰ দেৱক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে চৰাইদেউ জিলাৰ এই ভৱনটি ৰাইজৰ প্ৰতি আন্তৰিকতাৰে উছৰ্গা কৰিলোঁ।
উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ৰূপেশ গোৱালা, প্ৰাক্তন বিধায়িকা নৱনিতা সন্দিকৈ, জিলা আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c11a548c-9f81-4756-92ea-5adf82a919ed/a6d9022e_9d75_446a_8103_55da9ec23a7c.jpg)
Today, I ceremonially inaugurated the Dr. B.R. Ambedkar Bhawan, built in Charaideo district with grants approved by the Directorate of Scheduled Castes and Other Backward Classes, Government of Assam. This building, dedicated to Dr. B.R. Ambedkar's memory and conceptualized by… pic.twitter.com/Sl16xWyi6e
— Pijush Hazarika (@Pijush_hazarika) November 21, 2023
Also Read: আৰ্ছেনালৰ প্ৰশিক্ষকে ক'লে- ''ভাৰত ফুটবলৰ সোণৰ খনি, ইয়াক নতুনকৈ আৱিষ্কাৰ কৰিব লাগিব''