ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ, জেষ্ঠ্য আই এ এছ বিষয়া ভাৰত ভুষন চৌধুৰীয়ে বহন কৰিব এই গুৰু দ্বায়িত্ব…

ঘোষণা হ’ল অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ, জেষ্ঠ্য আই এ এছ বিষয়া ভাৰত ভুষন চৌধুৰীয়ে বহন কৰিব এই গুৰু দ্বায়িত্ব…

ডিজিটেল ডেস্ক : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সম্পাদক ভাৰত ভুষন চৌধুৰীক ন্যস্ত কৰা হ'ল এক নতুন দ্বায়িত্ব । অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰূপে ঘোষণা কৰা হ'ল ভাৰত ভুষন চৌধুৰীৰ নাম । অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ উপস্থিতিত অতি শীঘ্ৰেই অধক্ষ্যৰূপে শপত গ্ৰহণ কৰিব চৌধুৰীয়ে ।

উল্লেখ্য যে, ২০২২ চনৰ জুন মাহৰ পৰাই প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছৰে পৰাই অধ্যক্ষ পদটোৰ বাবে ঘোষণা কৰা হোৱা নাছিল কোনো ব্যক্তিৰ নাম । অসম লোকসেৱা আয়োগৰে সদস্য অজন্তা নাথে অধ্যক্ষৰ দ্বায়িত্ব পালন কৰি আহিছিল ।

চৌধুৰীয়ে প্ৰশাসনিক জীৱনৰ পাতনি মেলিছিল এগৰাকী এ ছি এছ ৰূপে আৰু পাছলৈ আই এ এছ বিষয়ালৈ পদোন্নতি ঘটিছিল । ইয়াৰ সৈতেই তেওঁ অসম লোকসেৱা আয়োগৰ প্ৰথম গৰাকী অধ্যক্ষ হয় যি এ ছি এছ ৰূপে প্ৰথমাৱস্থাত কাৰ্য্যনিৰ্বাহ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in