চৰকাৰৰ ভাষা নীতিয়ে ধ্বংস কৰিব মাতৃ ভাষা আৰু শিক্ষা ব্যৱস্থা, অন্ধকাৰ নমাব কন্যা শিক্ষাৰ্থীলৈ…

চৰকাৰৰ ভাষা নীতিয়ে ধ্বংস কৰিব মাতৃ ভাষা আৰু শিক্ষা ব্যৱস্থা, অন্ধকাৰ নমাব কন্যা শিক্ষাৰ্থীলৈ…

প্ৰতিদিন ডিজিটেল সংবাদ : অসম চৰকাৰৰ ভাষা নীতিয়ে অসমীয়া ভাষা আৰু অসমৰ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। আনহাতে বেচৰকাৰী স্কুল এফালৰ পৰা বন্ধ কৰি শিক্ষাক বণিজ্যিকীকৰণ আৰু কেন্দ্ৰীভূতকৰণৰ যি ভয়কৰ অভিযান চৰকাৰে ক্ষীপ্ৰতৰ কৰি তুলিছে। এনে আত্মঘাতী সিদ্ধন্ত অতি শীঘ্ৰে চৰকাৰে পৰিহাৰ কৰক। এই দাবী সুস্থ সমাজ বিকাশ চক্ৰই আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ আলোচনা সত্ৰই জনাইছে।

ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসম সাহিত্য সভা ভৱনত আজি পুৱা ১১ বজাত সাম্প্ৰতিক অসমত চৰকাৰী ভাষা নীতি আৰু ইয়াৰ সাম্ভাব্য পৰিণতি বিষয়ত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ মেজমেল খনৰ আঁত ধৰে উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত গুৰু অধ্যাপক তথা বিশিষ্ট চিন্তাবিদ ড০ অপূৰ্ব বৰুৱাই।

সাম্প্ৰতিক সময়ত সবাতোকৈ স্পৰ্শকাতৰ ৰূপে পৰিগণিত হোৱা বিষয়টোৰ সন্দৰ্ভত ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে যুক্তিপূৰ্ণভাৱে নিজা বিশ্লেষণ আগবঢ়ায়। তেওঁলোকৰ ভিতৰত আছিল ড০ জয়ন্তী চুতীয়া, বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্ত, ড০ চন্দনা ভট্টাচাৰ্য, ড০ মনোৰমা শৰ্মা, শংকৰ শইকীয়া, ড০ অজন্তা দত্ত, ড০ ৰবীন দত্ত,অজিত কুমাৰ ভূঞা, অদীপ কুমাৰ ফুকন, জমচেৰ আলিকে ধৰি বৃহ.. সংখ্যক সমাজ চিন্তক আৰু বিশ্লেষক।

আলোচনাৰ অন্তত অসমীয়া মাদ্যমৰ চৰকাৰী বিদ্যালয় আৰু ভাষালৈ অহা প্ৰত্যাহ্বান ৰোধৰ বাবে ৰাইজৰ সহযোগত গ্ৰামাঞ্চলত উন্নতমানৰ বে-চৰকাৰী বিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্তও লোৱা হয়। তদুপৰি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত যিবোৰ দুৰ্বল আৰু দুৰ্গম অঞ্চলৰ ভাষা আৰু শিক্ষাৰ প্ৰতি সংকত নামি আহিছে, এই সংকতৰ বাবে কেন্দ্ৰীয় শিক্ষা নীতিৰ দোষাৰূপ কৰাৰ লগতে ইয়াৰ বলি হোৱা সকলোকে একত্ৰিত কৰি সংগবদ্ধ প্ৰতিবাদ আৰু বিকল্প শিক্ষা নীতিৰ পদক্ষেপ গ্ৰহণৰ উদ্যোগ লোৱাৰ বাবে এখনি তদৰ্থ সমিতিও আজি গঠন কৰি দিয়ে।

সভাত সকলোৱে একেমুখে সাম্প্ৰতিক সময়ত চৰকাৰে গ্ৰহণ কৰা বিধ্বংসী শিক্ষানীতিৰ ফলত গ্ৰামাঞ্চলৰ ছাত্ৰীসকল সবাটোকৈ ক্ষতিগ্ৰস্ত হব বুলি অভিযোগ কৰি কোৱা হয় যে – যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনবৰতে নাৰীৰ সবলীকৰণত গুৰুত্ব দি বেটী বচাও বেটী পঢ়াও শ্লো গান দি আহিছে, সেই নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত শেহতীয়া শিক্ষা নীতিৰ জৰিয়তে গাঁৱৰ কন্যা শিক্ষাৰ্থী সকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই অনাৰ ব্যৱস্থাও কৰা হৈছে।

এয়া অতিকে ভয়ংকৰ ঘটনা আৰু চৰকাৰৰ এনে কাৰ্য সৰ্বশক্তিৰে প্ৰতিৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ সচেতন মহলে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলিও সভাই মত পোষণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in