গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন প্ৰিয়ম আদিত্য়ৰ দ্বাৰা ৰচিত 'আজাদ' শীৰ্ষক গ্ৰন্থ

এতিয়া গ্ৰন্থমেলাৰ বতৰ।গুৱাহাটীস্থিত চানমাৰিৰ অভিযান্ত্ৰিক খেল পথাৰত চলি আছে অসম গ্ৰন্থমেলা। প্ৰচণ্ড শীতকো নেওচি গ্ৰন্থমেলালৈ ঢাপলি মেলিছে গ্ৰন্থপ্ৰেমীয়ে।
গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন প্ৰিয়ম আদিত্য়ৰ দ্বাৰা ৰচিত 'আজাদ' শীৰ্ষক গ্ৰন্থ
Published on
Updated on

ডিজিটেল ডেস্ক : এতিয়া গ্ৰন্থমেলাৰ বতৰ।গুৱাহাটীস্থিত চানমাৰিৰ অভিযান্ত্ৰিক খেল পথাৰত চলি আছে অসম গ্ৰন্থমেলা। প্ৰচণ্ড শীতকো নেওচি গ্ৰন্থমেলালৈ ঢাপলি মেলিছে গ্ৰন্থপ্ৰেমীয়ে। ইয়াৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া গ্ৰন্থমেলাৰ সুগন্ধি পখিলাৰ বিপনীত উন্মোচন হয় 'আজাদঃমুক্তিস্বপ্ন আৰু সংঘৰ্ষৰ দস্তাবেজ' শীৰ্ষক গ্ৰন্থখনি।

প্ৰিয়ম আদিত্যৰ দ্বাৰা ৰচিত 'আজাদ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নৱজ্যোতি পাঠকে। গ্ৰন্থ উন্মোচন কৰি তেওঁ বিপ্লৱী চন্দ্ৰ চেখৰ আজাদৰ ব্যক্তিত্ব আৰু অৱদানৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

এই অনুষ্ঠানত উপস্থিত থাকে লেখক তথা প্ৰৱক্তা সুশান্ত কুমাৰ কাশ্যপ, যুৱ লেখক তথা সমালোচক নয়নমণি হালৈ, শিল্পী তথা প্ৰৱক্তা ৰছিদুল হককে ধৰি কেইবাগৰাকী গন্য মান্য ব্যক্তি।

 উল্লেখ্য যে, এই গ্ৰন্থখনত চন্দ্র শেখৰ আজাদৰ জীৱন আৰু হিন্দুস্তান চোচিয়েলিষ্ট ৰিপাব্লিকান এচচিয়েছনৰ সসস্ত্র সংগ্ৰামৰ তথ্যভিত্তিক আলোচনা কৰা হৈছে।

আৰু পঢ়ক: নৃশংস! আত্মীয়লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে মহিলাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in