
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ নাগশংকৰ নাট্য ভৱনত আয়ুষ্মান কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মঙলবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয়।
বিধায়কগৰাকীয়ে কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰি কয় যে, চৰকাৰে সাধাৰণ মানুহৰ বাবে এই ব্যৱস্থাৰে উপকাৰ সাধন কৰিছে। এতিয়াও যিসকল লোকে আয়ুষ্মান কাৰ্ড লাভ কৰা নাই সেই সকলে এই কাৰ্ড লাভ কৰিবলৈ পঞ্চায়ত,নগৰ সমিতি, স্বাস্থ্য বিভাগ সকলোৱে নিশ্চিত কৰিবৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।
উক্ত অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় প্ৰতিজন ব্যক্তিয়ে নিজকে নিৰোগী কৰিব লাগিব। তাৰ বাবে সকলোৱে জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব দিব লাগিব। অনুষ্ঠানটিত অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় চিবানি, বিশ্বনাথ জিলাৰ স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালক, মহকুমা স্বাস্থ্য বিষয়া, নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আদি উপস্থিত থাকে।