গহপুৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা : স্বাস্থ্য বিভাগৰ উদ্যোগত সজাগতা শিবিৰ

গহপুৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা : স্বাস্থ্য বিভাগৰ উদ্যোগত সজাগতা শিবিৰ

ডিজিটেল সংবাদ,ছয়দুৱাৰ : বাতৰি প্ৰকাশৰ পিচতেই গহপুৰত স্বাস্থ্য বিভাগৰ উদ্যোগত এক সজাগতা শিবিৰৰ আয়োজন কৰা হয়। কেইদিনমান পূৰ্বে গহপুৰৰ কেতবোৰ অঞ্চলত ভয়াৱহ কৰ্কট ৰোগ বৃদ্ধি পোৱা সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছিল। অঞ্চলসমূহত বৃদ্ধি পোৱা এই ৰোগৰ প্ৰতিৰক্ষাৰ বাবে স্বাস্থ্য বিভােগ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি উল্লেখ কৰাৰ পিচতে সোমবাৰে সংশ্লিষ্ট বিভাগে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত বৃহত্তৰ গমিৰি অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। এই সম্পৰ্কত স্থানীয় ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা তথ্যৰ ভিত্তিত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছিল। প্ৰকাশিত বাতৰিসমূহত নেপালী জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চল হিচাপে চিহ্নিত গমিৰি অঞ্চলত কেনেদৰে কৰ্কট ৰোগে চানি ধৰিছে সেই বিষয়ে তথ্য প্ৰকাশ পাইছিল।

ইয়াৰোপৰি আৰ্ছেনিকযুক্ত পানী সেৱন বা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ বাবেই অঞ্চলটোত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। এইক্ষেত্ৰত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰি অহা পুতৌ লগা কাৰ্য ব্যৱস্থাৰ বিষয়ে বাতৰিত উল্লেখ কৰা হৈছিল।

বাতৰি প্ৰকাশ হোৱাৰ পিচতে স্বাস্থ্য বিভাগে গমিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খৰখেদাকৈ কেঞ্চাৰ ৰোগ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত বিশ্বনাথৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া তথা অসংক্ৰমিত ৰোগৰ নডেল অফিচাৰ,ই এন টি বিশেষজ্ঞ ডাঃ ধ্ৰুৱজ্যোতি বৰগোহাঞি আৰু জিলা আঁচনি সমন্বয়ক দেৱ কুমাৰ বৰা আৰু গমিৰি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা০ কৰণ ৰাজ ছেত্ৰীসহ ৪জনীয়া এটা দল উপস্থিত থাকে।

লক্ষণীয়ভাৱে স্পৰ্শকাতৰ বিষয়ক লৈ অনুষ্ঠিত হোৱা সভাখনত নাছিল সভা পৰিচালনাৰ সভাপতি অথবা উপস্থিত ৰাইজৰ চহী সংগ্ৰহ আৰু আলোচনাৰ বিষয়বস্তু লিপিবদ্ধ কৰাৰ ব্যৱস্থা। অতি পালমৰা ধৰণে সজাগতা সভাখন অনুষ্ঠিত কৰিছিল।

জানিবলৈ দিয়া মতে সজাগতা সভাখনত বিশ্বনাথৰ পৰা অহা স্বাস্থ্য বিভাগৰ দলটোৱে কেঞ্চাৰ ৰোগ সম্পৰ্কীয় প্ৰকৃত বিষয়বস্তুৰ উপযুক্ত আৰু তথ্যগত পৰ্যালোচনা কৰাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ আগত গমিৰি অঞ্চলৰ কেঞ্চাৰ ৰোগ সম্পৰ্কে কিয় মন্তব্য দিব লাগে বুলিহে সংশ্লিষ্ট লোকসকলক জৱাবদিহী কৰাৰ চেষ্টা কৰে। গমিৰিবাসী ৰাইজৰ আগত স্বাস্থ্য বিভাগৰ অস্বিত্ব জাহিৰ কৰিবলৈ অনুষ্ঠিত কৰা সজাগতা সভাখনত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ উপযুক্ত কাৰণ বিশ্লেষণ কৰা কিম্বা ইয়াৰ প্ৰতিৰোধৰ বাবে অনাগত দিনত কেনেধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হ'ব সেইবিষয়ে একো প্ৰস্তাৱ লিপিবদ্ধ কৰা নহ'ল।

একাংশৰ অভিযোগ যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ কাৰণে স্বাস্থ্য বিভাগ খৰ্গহস্ত হৈছে, সেই কথা ক'বলৈহে যেন সভাখন অনুষ্ঠিত কৰিলে স্বাস্থ্য বিভাগে তেনেধৰণৰ এক উমান পোৱা গ'ল সজাগতা সভাখনত। উল্লেখযোগ্য যে বেবেজীয়া,বাৰতীগুৰী,গধৰীয়া পথাৰ, গধৰীয়া বস্তি,নেপালী পথাৰ, শান্তিপুৰ, দীঘলী পথাৰ,মিৰি পথাৰ,ভোলা চেণ্টাৰ, পুৰণা বুৰৈকে ধৰি একাধিক গাওঁৰ সংমিশ্ৰণেৰে গঠিত বৃহত্তৰ গমিৰি অঞ্চলৰ জনসংখ্যা প্ৰায় ১৩ হাজাৰৰো অধিক হ'ব।

কিন্তু সভাখনত উপস্থিত থকা ৰাইজৰ সংখ্যা ৫০ জনৰ অধিক নহ'ব। জানিব পৰামতে বিশ্বনাথৰ পৰা অহা স্বাস্থ্য বিভাগৰ দলটোৱে সজাগতাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিবৰ্তে গমিৰি অঞ্চলত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগী আৰু চিকিৎসাধীন হৈ থকা ৰোগীৰ তালিকা প্ৰস্তুতৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।

গমিৰি অঞ্চলৰ পানীত প্ৰচুৰ পৰিমাণে আৰ্ছেনিক থকা বুলি পূৰ্বৰে পৰা প্ৰমাণ হৈ আহিছে। তেনেক্ষেত্ৰত পানী আৰু মাটিৰ গুণাগুণ নিৰূপনৰ ওপৰতহে বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন যদিও স্বাস্থ্য বিভাগে মূল বিষয়বস্তৰ পৰা ফালৰি কাটি নাম মাত্ৰ মানুহ গোটাই সজাগতা সভা অনুষ্ঠিত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৰ্কট ৰোগ হোৱা এটা স্পৰ্শকাতৰ অঞ্চলত পৰিণত হোৱা গমিৰি অঞ্চলত যোৱা প্ৰায় ৫ বছৰৰ পৰা যথেষ্ট হাৰত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে প্ৰতিটো পৰিয়াল। পৰিস্থিতিয়ে এনে পৰ্যায় পাইছেগৈ যে কম বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'বলগীয়া হৈছে বহু লোকৰ।

দুই তিনিঘৰৰ অন্তৰে অন্তৰে পৰিয়ালসমূহৰ ঘৰত কৰ্কট ৰোগী থকাটো অঞ্চলটোৰ বাবে এতিয়া তেনেই সাধাৰণ দৃশ্য হৈ পৰিছে। গমিৰি অঞ্চলটোত দেখা দিয়া এই কৰ্কট ৰোগৰ মূল কাৰণ আৰ্ছেনিকযুক্ত পানী।

অৱশ্যে এইক্ষেত্ৰত ৰহস্যজনকভাৱে নিমাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। যোৱা ২-৩বছৰ পূৰ্বে পানীৰ নমুনা পৰীক্ষা কৰোতেও অঞ্চলটোৰ পানীত আৰ্চেনিকৰ ভয়াৱহতা ধৰা পৰিছিল।

এইক্ষেত্ৰত সচেতন ৰাইজৰ অভিযোগ যে, পৰৱৰ্তী সময়ত এই ভয়াৱহতা দূৰীকৰণৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰী পক্ষই। ইয়াৰ ফলতেই এতিয়া ইজনৰ পিছত-সিজন লোক এই ৰোগত আক্ৰান্ত হৈ অহা বুলি স্থানীয় ৰাইজ এক প্ৰকাৰ নিশ্চিত হৈছে।

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু স্বাস্থ্য বিভাগে আজিলৈকে স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাত গমিৰিবাসীয়ে জীয়াই থকাৰ সংজ্ঞা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।

গহপুৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা : স্বাস্থ্য বিভাগৰ উদ্যোগত সজাগতা শিবিৰ
এশ এবুৰি সমস্যাৰে জৰ্জৰিত ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in