ৰাইডাংজুৰিত বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা ৰেলী

ৰাইডাংজুৰিত বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা ৰেলী

author-image
Asomiya Pratidin
New Update
ৰাইডাংজুৰিত বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা ৰেলী

ডিজিটেল সংবাদ,ঘিলাধাৰী: যোৰহাট জিলা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল তথা ৰাইডাংজুৰি গাঁও পঞ্চায়ত আৰু পানীখেতি আৰক্ষী চকীৰ সমূহ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সোমবাৰে বাল্য বিবাহ, অবৈধ ড্ৰাগছ আৰু অবৈধ চুলাই মদ প্ৰস্তুত আৰু অবাধ প্ৰচলন বিৰুদ্ধে তৰাণি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা নগাবাট পুৰণি বাছ আস্থানলৈকে এক সজাগতা ৰেলী উলিয়াই ৷

ইয়াৰ পিছতে নগাবাট ৰাইডাংজুৰি ৰংগমঞ্চত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ সভাত বৰহোলা অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা হঠাতে জুই লাগিলে কেনেকৈ নিৰ্বাপন কৰিব আৰু ঘৰৰ ৰন্ধন গেছৰ ছিলিণ্ডাটো বিস্ফোৰণৰ পৰা কেনেদৰে পৰিয়ালক ৰক্ষা পৰিব পাৰি এই সন্দৰ্ভত ৰাইজক অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীসকলে সাৱধানতাৰ কৌশল প্ৰদৰ্শন কৰে৷

সভাত তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া,পানীখেতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লগতে সংশ্লিষ্ট পঞ্চায়তৰ সমূহ গাঁওৰক্ষী বাহিনী বিষয়ববীয়া আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷

Also Read: পৰ্য্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

awareness programme